সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পূজা আয়োজন

নাৱৰীয়া! আজি ৰাতি  কলঙৰ কাষে কাষে
 নাৱেৰে আহিৱ মোৰ লখিমী উজাই,
নাৱৰ টিঙত তোৰ  ঘিউ চাকি এটি থৈ
 শুকুলা পালেৰে নাও ৰাখিবি সজাই।

শলিতাৰ শিখা দেখি  লখিমী চাপিব কাষ
 “আই” বুলি মাত দিবি মৰমী মাতত,
লখিমী জননী মোৰ  চেনেহতে ভোল গই
 বান্ধিবহি নিজ নাও কলঙ ঘাটত।

নাৱৰীয়া! আজি ৰাতি  ডুবৰি দলিছা পাতি
 পাৰৰ বিৰিখে গাব আৱাহনি সুৰ,
আকাশে সজাব দীপ  বতাহে জ্বলাব ধূপ
 গীত, গন্ধে পূজা-দেবী হব ভৰপুৰ।

লখিমী পৰশ পালে  কলঙৰ ঘাটে ঘাটে
 অসমৰ শাপভ্ৰষ্টা অমৰ বালাই,
বাগদেৱীৰ বীণা লই  নিজম অসমপুৰী
 কবিতাৰ ঝঙ্কাৰেৰে তুলিব কঁপাই।

বিশ্ববিমোহিনী মোৰ  লখিমীৰ ৰূপ-ছবি
 নাই দেখা নাৱৰীয়া, বহুদিন হ’ল,
নাই শুনা জননীৰ  চৰণ কমল ধ্বনি
 কত যুগ আহি আহি, কত যুগ গ’ল!

[ ৭ ]