এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
পৰিছিল এটি জ্যোতি জীয়া তেজ দেখি দেখি
জেৰেঙাত জহি যোৱা মানৱী জয়াৰ,
উজলি উজলি সিও মাৰগ’ল নাৱৰীয়া
বিজুলী ছাটিৰ দৰে আজলী হিয়াৰ!
আজি সেই জননীয়ে কৰুণাময়ীৰ বেশে
হেঙুলীয়া বঠা লই লৱণু হাতত,
শোকত মলঙি থকা সন্তানৰ দুখ দেখি
নিজে আহি থিত দিব কলঙ ঘাটত।
নাৱৰীয়া! আজি তোৰ দেবী দৰশন দিন
আজি ৰাতি জননীৰ শুভ-আগমন,
লুইতৰ আশে পাশে কলঙৰ কাষে কাষে
কৰ আজি লখিমীৰ পূজা আয়োজন।
⸻
[ ৮ ]