সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৌন্দৰ্য্য আৰু কবি

সৌন্দৰ্য্য,
কত আভা, কত প্ৰভা, মনোলোভা
মনোৰমা,
কত কবি, কত ছবি, যাচে চুমা
নিৰুপমা,
কত অলি, পৰি ঢলি, প্ৰাণ-ঢালি
প্ৰেমে পমা,
মাতে সখি, আছো ৰখি, আঁহা প্ৰিয়ে
প্ৰিয়তমা!
—ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই
ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায়॥
       
কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ
প্ৰেমে পূৰ,
হে চতুৰ, কাব্যচোৰ, কিয় টোকা
চকুলোৰ?
সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন
নোহে দূৰ,
ত্যজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি
স্বৰ্গপুৰ।
—নোৱাৰা সাধিব কবি সৌন্দৰ্য্যৰ নাশ,
সৌন্দৰ্য্য আপুনি হব আপুনি প্ৰকাশ!

[ ৬ ]