এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
বিশ্ব আলোকিত কৰে শুভ্ৰ আলোকেৰে
সৃষ্টিৰ বুকুত ভাহে অপৰূপ ৰূপ,
নন্দন বনতো বাজে বন্দনাৰ গীতি
মন্দিৰে মন্দিৰে জ্বলে দীপ, ধূনা ধূপ।
ভক্তিভৰা মানবৰ হৃদয়ে হৃদয়ে
বই যায় ভাৰতীৰ কৰুণাৰ ধাৰ,
অসীম অনন্ত ভেদি বেদীয়ে বেদীয়ে
বাজি উঠে বৰদাৰ বীণাৰ ঝঙ্কাৰ।
আজিও বীণাৰ ধ্বনি দিগন্ত বিয়াপি
মৃদু মধু মলয়াৰ হিল্লোলত ভাহে—
পুণ্যৰ সফুৰা মেলি প্ৰেমৰ সুৰভি
আজিওতো কিৰণৰ আঁচলত আহে।
আজিও ফুলিছে কলি পদুম বনত,
শ্বেত, স্নিগ্ধ আলোকেৰে আলোকিত ধৰা,
কবিতাৰ কুকি লই কবিতা জননী
আজিও আহিছে নামি স্বৰগৰ পৰা।
প্ৰেমৰ চন্দন সানি প্ৰীতি নৈবেদ্য লই
পাহি পাহি ভকতিৰে গাঁথি মালাধাৰ,
মৰতৰ দেববালা, দিওঁ আহা বৰদাক
কুকিত ভৰাই লই কবিতাৰ হাৰ!
⸻
[ ৫ ]