সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 


তুমিনেকি সেই প্ৰিয়া  লভি যাৰ পৰশন
 সৰগ মৰত হল, ৰূপত বলিয়া?
বিশ্ব-বিমোহিনী বেশে  সুধাৰ সফুৰা মেলি
 অমৰত্ব দান কৰি মৃত্যু কাঢ়ি নিয়া?

যেয়ে হোৱা লাগে তুমি,  তুমি মাথো কল্পনাৰ
 তুমি মাথো সপোনৰ চিৰ-সহচৰী;
সুন্দৰৰ স্ৰষ্টা তুমি,  সৃষ্টিৰ ৰহস্য ভেদি
 কবিক আকুল কৰা কবিতা-কুঁৱৰী।

বীণাধ্বনি

সুনিৰ্ম্মল সৰসৰি সুনীল জলত
শুভ্ৰ শতদল ফুলে শুভ্ৰকান্তি পৰি,
প্ৰেমৰ পৰশ পাই পৰাগ পাপৰি
হৰষতে পৰে সৰি নিজৰি নিজৰি।

অমৰাৰ পুষ্পদ্বাৰ ধীৰে ধীৰে মেলি
নামি আহে দেববালা বীণা বাই বাই,
সুনীল সৰসি জল সুবাসিত কৰি
শতদলে সাজি পাৰি আসন সজায়।

[ 8 ]