এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপোন-কুঁৱৰী
আকাশত লাগি কাৰ ওঁঠৰ লাহৰি চুমা
ডাৱৰে লাজতে আজি জুমাজুমি কৰে,
বতাহত লাগি কাৰ গোলাপী আচল খনি
মতলীয়া সুৰভিৰে মন-প্ৰাণ হৰে?
এন্ধাৰ নিশাই বাৰু আজি কোন ৰূপহীৰ
ৰূপৰ জেউতি লৈ দিক্ উজলালে,
আকাশত জোনটিয়ে কাৰনো সহাৰি পাই
তৰাৰ মাদলি পিন্ধি মুখ পোহৰালে?
কুঁৱলীৰ আঁৰে আঁৰে অৰুণে কৰুণ সুৰে
আহিছিল বীণ বাই বিৰহ গানৰ,
কোন তেওঁ, কাক দেখি সলালে বীণৰ সুৰ
লহৰি বাগৰি গল ললিত তানৰ?
তুমিনেকি সেই দেবী দৰশন লভি যাৰ
প্ৰেম সিন্ধু উঠলিল সৃষ্টিৰ বুকুত—
তুমিনেকি সেই সখী বোৱালাহি ব্ৰহ্মাণ্ডত
বিৰহৰ বাধা ঠেলি মিলনৰ সোত?
[ ৩ ]