পৃষ্ঠা:ৰূপালীম.djvu/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪
[সপ্তম অঙ্ক
ৰূপালীম্

একমাত্ৰ মোৰ দেশৰ গৌৰৱ অটুট ৰাখিবলৈ। আনকি এদিন নিজৰ প্ৰাণকো দেশৰ কাৰণে তুচ্ছ জ্ঞান কৰি মণিমুগ্ধৰ বিৰুদ্ধে অভিযান কৰিলোঁ। এই অত ক্ষতি—অত ত্যাগ— অত ৰূকমী জাতিৰ দুখ-কষ্ট—ৰূকমী জাতিৰ ঘৰবাৰী সকলো ধ্বংস কৰিও যি গৌৰৱ ৰাখিবলৈ সকলো জলাঞ্জলি দিলোঁহক— সেই সকলো ভ্ৰষ্ট কৰিলে কোনে ? ৰূকমী তিৰোতাৰ গাত খিলঞ্জীয়া কলঙ্ক সানিলে কোনে ? এই মহা পাপীয়সী অসতীয়ে নহয়নে ? নহয়নে ?

চাৰিওফালৰ পৰা ‘হয়’, ‘সঁচা’, ‘সঁচা’, ‘ৰূপালীম্‌ অসতী,’ ‘সকলো ভ্ৰষ্ট কৰিলে।’ ‘ৰূপালীম্‌ অসতী।’

ইতিভেন। ৰূকমী তিৰোতাৰ সতীত্ব এটা ডকাইতৰ চৰণত উপহাৰ দি তাই আকৌ ঘূৰি আহি দেশৰ সতীৰ আসনত বহিব খোজে। তাই আকৌ কব খোজে তাইৰ সতীত্বত বোলে চেকা পৰা নাই। মণিমুগ্ধই হৰণ কৰি তাইক পঠিয়াই দিছে। হাঁহি উঠা কথা ! অসতী—এশবাৰ অসতী— সহস্ৰবাৰ অসতী ! ( জুনাফালৈ চাই ) কোৱা বুঢ়া মানুহ ! সঁচা কথা কোৱা, তোমাৰ এই কন্যা অসতী হয় নে নহয় ? তোমাৰ ৰূকমী জাতিৰ গৌৰৱৰ কথা—মনত ৰাখিবা। ৰূকমী নাৰীৰ সতীত্বৰ কথা কোৱা বুঢ়া মানুহ! কোৱা—অসতী হয় নে নহয় ? অসতীৰ কি শাস্তি ?

জুনাফা। (কঁপি কঁপি থিয় হ’ল। তাৰ পিছত সকলোলৈকে চাই ঘৃণাৰে মুখ কোচাই আনি মুখ ঘূৰাই) নেচাওঁ—নেচাওঁ—মোৰ কন্যাৰ প্ৰেত-মূৰ্ত্তিটো আৰু নেচাওঁ। অসতী—অসতী—ৰূকমী নাৰীৰ খিলঞ্জীয়া কলঙ্ক। হায় হায় ! মোৰ এই বুকু যাৰ কাৰণে এদিন কলি-কুমলীয়া আছিল—যাৰ মৰম মই বুকুত আথে- বেথে সাঁচি থৈছিলোঁ, আজি সেই বুকুখন পাথৰ হ’ল—শিলা হ’ল। তাত জীয়ৰীৰ মৰমৰ কটাৰীখনে ভেদি সোমাব