পৃষ্ঠা:ৰূপালীম.djvu/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সপ্তম অঙ্ক]
৬৫
ৰূপালীম্

নোৱাৰে। পাথৰ— পাথৰ হ’ল — মোৰ বুকু আজি পাথৰ হ’ল (বুকু ভুকুৱাই কান্দি)। ৰাণী! ৰূকমী জাতিৰ গৌৰৱৰ মুকুট পিন্ধা, শাস্তি —

  জুনাফা মূৰ্চ্ছা যায়। ইতিভেনৰ ইঙ্গিত পাই কাঁড়ী কেইটাই ৰূপালীমলৈ কাঁৰ মাৰে। কেইডালমান ৰূপালীমৰ গাত বিন্ধ খায়। মায়াব’ ধৰফৰাই বাগৰি পৰে আৰু চাৰিফালে ভীষণ গোলমাল আৰম্ভ হয়। ৰূপালীমো লাহে লাহে ঢলি পৰি যায়। কেইজনমান সৈন্যই মায়াব’ক ধৰি তাৰপৰা আঁতৰাই নিবলৈ প্ৰয়াস পায় যদিও মায়াব’ৰ ছটফটনিত আৰু ধৰফৰণিত বেগতে চম্ভালি ৰাখিব নোৱাৰে। ইতিভেনে ইঙ্গিত কৰে আৰু ওচৰত থকা যখ প্ৰহৰীবোৰে চিতাত জুই জ্বলাই দিয়ে। ধোঁৱাৰে মঞ্চটো ঢাক খাই যায় আৰু চাৰিওফালৰপৰা পেঁপা, জয়ঢোল বাজিবলৈ ধৰে। তাৰ বোলত মতলীয়া হৈ মানুহবিলাকে “জয় ৰূকমী ৰাণীৰ জয়” বুলি চিঞৰিবলৈ ধৰে। কোঢ়াল আৰু ধোঁৱা বাঢ়িবলৈ ধৰে। লাহে লাহে আঁৰ-কাপোৰ পৰি যায়।


আঁৰ-কাপোৰ