পৃষ্ঠা:ৰূপালীম.djvu/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সপ্তম অঙ্ক

ৰূকমী ৰাজ্যৰ পৰ্ব্বতৰ তলৰ মুকলি সমতল

সময়—পুৱা


  সোঁমাজতে ৰূপালীমক পুৰিবলৈ এখন প্ৰকাণ্ড কাঠৰ চিতা সজোৱা হৈছে। চিতাৰ ওপৰত ৰূপালীমক এটা খুটাত পাছলৈ হাত কৰি গোটেই গাতে জৰীৰে মেৰিয়াই খুটাৰে সৈতে বন্ধা হৈছে। চাৰিওফালে ৰূকমী সৈন্যই যাঠী-জোঙেৰে চিতাখন ঘেৰি থৈছে আৰু চিতাৰ দুই কাষত আগ ভাগ লৈ পাঁচোটা পাঁচোটাকৈ দহোটা কাঁড়ী। সিহঁতে হাতত ধনু আৰু কাঁড় লৈ আদেশৰ অপেক্ষাত আছে। চিতাৰ চাৰিওফালে ৰূকমী তিৰোতা উত্ৰাৱল। আটাইবিলাকে উত্তেজিত হৈ কথা কোৱা-মেলা কৰিব লাগিছে। চিতাৰ এফালে বুঢ়া জুনাফা অধোবদনে বহি আছে। সৈন্য আৰু কাঁড়ীবোৰৰ মুখ গহীন, আৰু কৰ্ত্তব্যকঠোৰ। এনেতে চাৰিওফালে ভেৰি, পেঁপা, কালী, জয়ঢোল বাজিবলৈ ধৰে। মানুহৰ কোঢ়াল আৰু বাদ্যযন্ত্ৰৰ শব্দত কোলাহল হৈ পৰে। ‘জয় ৰূকমী ৰাণীৰ জয়’ ! ‘জয় ৰূকমী ৰাণীৰ জয়’ বুলি চাৰিওফালৰপৰা সমস্বৰে নিনাদিত হয়। সৈন্য-সামন্ত লিগিৰীৰে বেৰ খাই ইতিভেন ৰাণীৰ সাজসজ্জাৰে তালৈ শিল-কঠুৱা হৈ সোমায় আহে। সকলোৱে আঁঠু লয়। ইতিভেন তালৈ আহি এদঁতীয়া হৈ এফালে থিয় দি সকলোলৈকে চাবলৈ ধৰে। তাৰ পিছত —

ইতিভেন। ৰূকমী-ৰাজ্যৰ প্ৰজাসকল ! আপোনাসকলে জানে যে মই স্বজাতি আৰু স্বদেশৰ মান ৰাখিবলৈ মোৰ সহোদৰ ককাইকো ৰাজ্য ত্যাগ কৰাবলৈ কুণ্ঠিত হোৱা নাই। মোৰ প্ৰণয়ৰ থলী, মোৰ পাণি গ্ৰহণ কৰিবলৈ অতি ইচ্ছুক মোৰ প্ৰণয়প্ৰাৰ্থীকো মই উপেক্ষা কৰিলোঁ। কিহৰ কাৰণে ?