পৃষ্ঠা:ৰূপালীম.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ষষ্ঠ অঙ্ক]
৫৯
ৰূপালীম্‌

ৰেণথিয়াং। (বাহিৰৰপৰা) প্ৰভু! বন্দীসকল উপস্থিত।

(ৰেণথিয়াঙে বন্দী জুনাফা, মায়াব’, ইতিভেনক তালৈ লৈ আহে।)

মণিমুগ্ধ। উপস্থিত কৰাহি।

ৰূপালীম্‌। আপু ! আপু !

 জুনাফাক সাৱট মাৰি ধৰেগৈ আৰু জুনাফায়ো সাৱটি ধৰি চুমা খায়। ৰূপালীমে জুনাফাৰ বুকুত মূৰটো গুজি সোমাই থাকে।

মণিমুগ্ধ। বন্দীসকল! তোমালোকক মুক্তি দিয়া হৈছে।

ইতিভেন। কিয় ?

মণিমুগ্ধ। (ইতিভেনলৈ কটাক্ষ কৰি) ৰূপালীমে তোমালোকৰ মুক্তিৰ সলনি মোক নিজৰ দেহা উপহাৰ দিছে।

(আটাইবিলাক বন্দীয়ে ‘কি ?’ বুলি গৰ্জ্জি উঠে।)

জুনাফা। ৰূপালীম ! সঁচানে ?

ৰূপালীম্‌। ( আনন্দেৰে ) সঁচা।

জুনাফা। ( খঙত ) অসতী !

  (ৰূপালীমক নিজৰ গাৰ পৰা আচাৰ মাৰি দূৰলৈ মাৰি পঠিয়ায়। ৰূপালীমে দূৰত উফৰি পৰেগৈ। জুনাফাৰ আচৰণৰ অৰ্থ বুজিব নোৱাৰি ৰূপালীম্‌ অবাক হৈ থাকে।)

মণিমুগ্ধ। ৰেণথিয়াং ! তুৰন্তে এই বন্দীবোৰক ইয়াৰপৰা আঁতৰাই নে।

 ৰেণথিয়াঙে তিনিওকো আজোৰ মাৰি লৈ যায়। ইতিভেনে আঙুলি দাঙি কিবা কবলৈ প্ৰয়াস পায়, কিন্তু ৰেণথিয়াঙে মুখত হাতেৰে সোপা দি আজুৰি তাৰপৰা লৈ যায়। বন্দীবোৰক তাৰপৰা আঁতৰাই নিয়াৰ পিছতে ৰূপালীম্‌ উধাতু খাই আহে।

ৰূপালীম্‌। সিহঁতক ক’লৈ লৈ গ’লগৈ?

মণিমুগ্ধ। এৰি দিবলৈ। সিহঁত সকলোকে আকৌ ঘৰলৈ পঠাই দিব।

ৰূপালীম্‌। তেন্তে আৰু কাকো নামাৰা ?