পৃষ্ঠা:ৰূপালীম.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
[ষষ্ঠ অঙ্ক
ৰূপালীম্

মণিমুগ্ধ। অৱশ্যে নামাৰো। মোৰ কথা এটাৰ বাহিৰে দুটা নহয়।

 মণিমুগ্ধ ৰূপালীমৰ ফালে উঠি আহিল আৰু ৰূপালীমে মণিমুগ্ধৰ মুখলৈ ভয়ে ভয়ে চাই পাছ হুহকি আঁতৰি গৈ দূৰত থিয় হৈ ৰ’লগৈ। বৰ সশঙ্কিত হৈ আসন্ন কিবা বিপদৰ আশঙ্কাত শেঁতা পৰি গৈছে। মণিমুগ্ধই হাঁহি হাঁহি পাছ হুহকি আহি নিজৰ আসনত বহি, ভালকৈ আউজি ৰূপালীমৰ ফালে ৰ’ লাগি চাবলৈ ধৰে। একেবাৰে তন্ময়—যেনিবা এজন শিল্পীয়ে নিজে গঢ়া মূৰ্ত্তিটোলৈ চাইহে ভোল গৈ আছে। লিগিৰী এজনীয়ে ফটিকা আনি দিয়ে। মণিমুগ্ধই সেইদৰেই অন্যমনস্ক হৈ ৰয় আৰু মন্ত্ৰৰ দৰে নিজৰ মুখলৈ নি ফুলৰ মৌ চোহা দি—চুহি চুহি বাটিৰে ফটিকা খাবলৈ ধৰে। ৰূপালীমে শিলামূৰ্ত্তিৰ দৰে নামাতি-নুবুলি, নাহাঁহি-নাকান্দি মণিমুগ্ধলৈ ৰ’ লাগি চাই আছিল। তাইৰ মুখত কোনোভাৱেই প্ৰকাশ পোৱা নাছিল। মণিমুগ্ধই লাহে লাহে তাৰপৰা উঠি ৰূপালীমলৈ চাই চাই এবাৰ উঠি সপোনৰ কিবা ছবি ধৰিবলৈ যোৱাদি ৰূপালীমৰ ওচৰলৈ যাব খোজে—আৰু অলপ ৰৈ ৰূপালীমৰ গাত হাত দিব খোজে। ৰূপালীমে জিকাৰ মাৰি উঠে। ৰূপালীমৰ মুখ আৰু বিবৰ্ণ হৈ যায়। মণিমুগ্ধই হাঁহি আকৌ বহেহি আৰু কয়।

মণিমুগ্ধ। ৰূপালীম্‌ ! পখিলা নপৰা ফুলৰ পাহিৰ দৰে ভোমোৰাৰ পাখিৰ বাতেই তুমি শিয়ৰি উঠিছা ?

(এনেতে লিগিৰীয়ে ফটিকা যাচে। মণিমুগ্ধই আমনি পোৱা যেন হয়।)

মণিমুগ্ধ । লিগিৰী ! থৈ দে সকলো যতনাই ইয়াতে, থৈ তহঁত যাগৈ। মোক আৰু সঙ্গীত নালাগে। মই এতিয়া সঙ্গীততকৈও সুৱলা ৰূপালীমৰ মাত শুনিম। সকলোবোৰ বন্তি নুমাই দে। ৰূপালীমৰ ৰূপেই—মোৰ কোঠা—জোনালীকৈ ৰাখিব। যাগৈ।

  লাহে লাহে আটাইবিলাক ওলাই যায়। এটা এটাকৈ গছাবোৰ লিগিৰীবিলাকে নুমাই যায়। মাথোঁ এটা গছা ৰূপালীম্‌ থিয় হৈ থকা ঠাইত জ্বলি থাকে। তাৰ পোহৰে ৰূপালীমক প্ৰতিভাত কৰি ৰাখে। মণিমুগ্ধই ছাঁয়ামূৰ্ত্তিৰ দৰে তাতে বহি থাকে। ভিতৰৰপৰা বীণাৰ মৃদু গুঞ্জন ধ্বনি আহিবলৈ ধৰে।