পৃষ্ঠা:ৰূপালীম.djvu/৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰূপালীম্‌। তেনে নকৰিবা। কেলৈ মাৰি পেলোৱাবা ? তোমাক মোৰ বুঢ়া আপুৱে একো কৰা নাই—নামাৰিবা—মায়াব’ বৰ ভাল—আপু বৰ বুঢ়া মানুহ—

মণিমুগ্ধ। ৰূপালীম্‌। তুমি মোক কৈছা, কিন্তু মই কিয় তোমাৰ কথা ৰাখিম ? তুমি মোৰ এটা সামান্য কথাকে ৰাখিবলৈ মান্তি নোহোৱা—

ৰূপালীম্‌। কি—? কি—? কি কথা— ? কোৱা—।

মণিমুগ্ধ। কি কথা ? তোমাৰ এই সোণাময় শৰীৰটো মোক নিজ মনেৰে দান কৰিবলৈ—তোমাৰ ৰূপ উপভোগ—

(ৰূপালীমে মণিমুগ্ধৰ ফালে তীব্ৰভাৱে চাবলৈ ধৰে।)

মণিমুগ্ধ। বুজিছা ?—যদি এই শৰীৰ মোক দান কৰা, তেতিয়াহলে তোমাৰ মায়াব’ক এৰি দিম...

[ৰূপালীম্‌ উঠি মণিমুগ্ধৰ ওচৰলৈ আহি]

ৰূপালীম্‌। সঁচাকৈয়ে? সঁচাকৈয়ে—এৰি দিবা? মোৰ বুঢ়া আপুকো?

মণিমুগ্ধ। সকলোকে—তোমাৰ দেশৰ সকলো মানুহক।

ৰূপালীম্‌। তেনে তাকে কৰা, তাকে কৰা। তুমি মোক যি কৰিবলৈ কোৱা মই তাকে কৰিম। মই তাকে কৰিম। সিহঁতক এৰি দিয়া। সিহঁতক এতিয়াই এৰি দিয়া।

মণিমুগ্ধ। সঁচাকৈয়ে কৈছানে ?

ৰূপালীম্‌। সঁচাকৈয়ে—সঁচাকৈয়ে—মই শপত খাইছোঁ। মায়াব’ৰ শপত। সিহঁতক এৰি দিয়া—এৰি দিয়া।

মণিমুগ্ধ। বাৰু, তেন্তে কোনো কথা নাই। সিহঁত সকলোৱে মুক্তি পাব। ৰেণথিয়াং ! যোৱা, বন্দীবোৰক ইয়ালৈ লৈ আহাঁগৈ।

  ৰেনথিয়াং সাউৎকৈ ওলাই খায়। ৰূপালীমে কি কৰোঁ কি নকৰোঁকৈ তাতে জলকা লাগি ৰৈ থাকে আৰু মণিমুগ্ধই এঢোক দুঢোককৈ ফটিকা পিবলৈ ধৰে।