পৃষ্ঠা:ৰূপালীম.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ষষ্ঠ অঙ্ক]
৫৭
ৰূপালীম্‌।

—যাতে ৰূপালীমৰ ৰূপৰ সূক্ষ্মাতিসূক্ষ্ম সৌন্দৰ্য্যও মোৰ অনুভূতিত ধৰা পৰে। ৰূপালীমৰ ৰূপৰ সোৱাদৰ সূক্ষ্মতৰ মৌখিনি যাতে মোৰ ওঁঠে উপলব্ধি কৰিব পাৰে। যাতে মোৰ চুলিৰ আগে, ভৰিৰ আঙুলিৰ নখে, হাড়ৰ ভিতৰত থকা হিমজুৱেও ৰূপালীমৰ ৰূপৰ পৰশত শিয়ঁৰি সুখ পায়। মোক লাগে ৰূপালীমৰ ৰূপৰ পূৰ্ণ উপভোগ—ৰূপালীম্‌ —

  এনেতে ৰেণথিয়াঙে ৰূপালীমক লৈ সোমাই আহিল। ৰূপালীম্‌ ফুল-পাতেৰে সুশোভিতা মানুহৰ হাতত বন্দিনী হোৱা বনদেৱীৰ দৰে ৰ’ লাগি ৰ’ল। ৰূপালীমৰ ৰূপৰ জমকত মণিমুগ্ধ অভিভূত হ’ল। অথিৰ অবিৰ অসংযতভাৱে ৰূপালীমলৈ চাবলৈ ধৰিলে। তাৰ পিচত নিজক সংযত কৰি কঠোৰ হৈ ৰূপালীমৰ ফালে কিছুপৰ একে থৰে চাই থাকি প্ৰশ্ন কৰিলে।

মণিমুগ্ধ। ৰূপালীম্‌! তোমাৰ মায়াব’ আৰু বুঢ়া বাপেৰাক চাবানে?

ৰূপালীম্‌। ( বৰ উদ্বিগ্ন হৈ ) ক’তা? ক’তা? মোক নিয়া টানি নিয়া—নিয়া—নিয়া—

মণিমুগ্ধ। নহয়—তুমি সিবিলাকক চাব নোৱাৰা।

ৰূপালীম্‌। কেলৈ? কিয়? মায়াব'—অ' মায়াব'! মই মায়াব'ক চাওঁ।

মণিমুগ্ধ। সিহঁতক আৰু ক'ত চাবলৈ পাবা? অলপ পৰৰ পিছতে সিহঁতৰ মূৰ গাৰ পৰা ছিগি পৰিব।

ৰূপালীম্‌। ( উত্ৰাৱল হৈ ) কিয়—কিয়—কেলৈ?

মণিমুগ্ধ। সিহঁতে মোৰ ৰাজ্য আক্ৰমণ কৰাৰ বাবে মই সিহঁতৰ প্ৰাণদণ্ডৰ হুকুম দিছোঁ। ৰাতি পুউৱাৰ আগতেই আটাইবোৰকে মাৰি পেলোৱা হ’ব।

  ৰূপালীমে থৰ লাগি মণিমুগ্ধৰ চকুলৈ চাবলৈ ধৰে। তাৰ পিছত ‘আপু’ বুলি চিঞৰ এটা মাৰি হুক্‌ হুক্‌কৈ কান্দিবলৈ ধৰে। কান্দি কান্দি মাটিত ধাচ কৰে পৰি যায় আৰু কান্দি কান্দি মণিমুগ্ধৰ ফালে চুচৰি চুচৰি আহে।

বৰ কৰুণভাৱে মণিমুগ্ধক কয় —