পৃষ্ঠা:ৰূপালীম.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰেণথিয়াং। হৈছে প্ৰভু!

মণিমুগ্ধ। তাই এই বাতৰি কেনেভাৱে গ্ৰহণ কৰিছে?

ৰেণথিয়াং। শুনি তাই মূৰ্চ্ছাপ্ৰায়। তাৰ পিছত অবিৰল কান্দিব লাগিছে। সেই কান্দোন এতিয়াও মাৰ যোৱা নাই।

মণিমুগ্ধ। সুন্দৰ হৈছে। চকুপানীৰ বাৰিষাৰে কোমল হোৱা অন্তৰৰ মাটিত মই চাহ কৰি মোৰ বাসনাৰ কঠীয়া পেলাবৰ উপযুক্ত সময় হৈছে। লৈ আহ ৰূপালীমক— সুন্দৰকৈ সজাই ফুল-চন্দনেৰে।

ৰেণথিয়াং ওলাই যায়।মণিমুগ্ধই দীঘলকৈ হুমুনিয়াহ পেলাই এঢোক ফটিকা খাই, দাৰ্শনিক কলাবিশাৰদৰ সৌন্দৰ্য্যপিপাসু দৃষ্টিৰে চাৰিওফালে চাই লয়, আপোন মনে নিজেই অলপ হাঁহি হাঁহি কয়।

মণিমুগ্ধ। কি সুন্দৰ ৰূপালীম্‌—কেনে কোমল তাইৰ মাংস-পেশীবোৰ,—কেনে গোলাপৰ পাহিৰ দৰে নিমজ তাইৰ গাৰ ছাল। বিদ্যাধৰীসকল! বজোৱা—সুন্দৰ সুৱদি বেহাগ—মোৰ প্ৰাণ বিৰহত ব্যাকুল হৈ পৰক। আকৌ বজোৱা কামোদ—মোৰ বাসনাৰ ৰঙা গোলাপ এপাহ এপাহকৈ ফুলি উঠক। তাৰ তীব্ৰ সুৰভিৰ মাদকতাত মই মতলীয়া হৈ ৰূপালীমক দুগুণ সুন্দৰী দেখোঁ। আৰু মোক আনি দিয়া মিছৰী-হাছিছ—তাৰ অলপ সেৱন কৰি—সকলোকে সপোনৰ মায়াবী খোঁটালিলৈ লৈ যাওঁ।

  এজনী লিগিৰীয়ে সৰু টেমাত হাছিছ দিয়ে। মণিমুগ্ধই মুখত লৈ এবাটি ফটিকা হাতত লয়। লাহে লাহে সপোনবলিয়া হৈ আহে। শয্যাত বহি বাদিকাবোৰক ইঙ্গিত দিয়াত সিহঁতে ঝঙ্কাৰি ঝঙ্কাৰি বীণাত মূৰ্চ্ছনা দিবলৈ ধৰে।

মণিমুগ্ধ। বজোৱা, মূৰ্চ্ছনা আৰু মূৰ্চ্ছনাৰ লগে লগে মোৰো ৰূপৰ পিয়াহ তাৰ ছন্দেৰে সমন্বয় ৰাখি বাঢ়ি বাঢ়ি তন্দ্ৰালোকে তাৰ প্ৰাণলৈ উঠি যাওক আৰু তাৰ স্বৰৰ দৰে তীব্ৰ হৈ পৰক।