পৃষ্ঠা:ৰূপালীম.djvu/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মায়াব’। (ৰূপালীমৰ গাত হাত ফুৰাই) ৰূপালীম্‌! আহাঁচোন। তুমি ইয়াতে অলপ বহা। মই তোমালৈ পানী বিচাৰি আনোগৈ।

 [এই বুলি মায়াব’ই ৰূপালীমক মাটিতে বহুৱায় ]

ৰূপালীম্‌৷ মায়াব’- মোৰ বৰ পিয়াহ লাগিছে। পিছে, তুমি পানী বিচাৰি গলে মই অকলে কেনেকৈ থাকিম?

 [বৰ কৰুণ ভাবেৰে মায়াব’ৰ ফালে চায়।]

মায়াব’৷ (ভাবি) কিহৰ ভয়? সৌৱা নিজৰাৰ মাত শুনা নাইনে? ওচৰতে আছে। তুমি এখন্তেক ৰবা। মই লৰ মাৰি পানী আনো।

মায়াব’ই নিজৰ হাতৰ কুঠাৰখন ৰূপালীমৰ হাতত দি পানী আনিবলৈ লৰ মাৰে। ৰূপালীম্‌ বৰ ব্যগ্ৰ হৈ অপেক্ষা কৰি থাকে। অলপ পিছতে মায়াব’ই কচুপাতত পানী আনি ৰূপালীমক দিয়ে আৰু ৰূপালীমে খায়।

মায়াব’৷ (ৰূপালীমৰ পানী খোৱা হলত) এতিয়া ভাল পাইছা নে?

ৰূপালীম্‌৷ ওঁ — মই অলপ শোঁ, নহলে মই আৰু জীয়াই নাথাকোঁ। বৰ ভাগৰ —

মায়াব’৷ বাৰু শোৱা —

মায়াব’ই কোলা পাতি ৰূপালীমৰ মূৰটো কোলাত লয় আৰু গাৰ কাপোৰৰ আগেৰে বিছি দিয়ে আৰু ৰূপালীমৰ মূৰত হাত ফুৰাই। এনেতে কুকুৰৰ ভুক্‌ভুকনি শুনা যায়। দুয়ো চক্‌ খাই উঠে। মায়াব’ই ৰূপালীমৰ মূৰটো কোলাৰপৰা নমাই আৰু গিৰিপকৈ উঠি চায়।

মায়াব’৷ ৰূপালীম্‌! আমি আৰু ইয়াত থাকিলে ভাল নহব। আমাক বিচাৰি বোধকৰোঁ কোনোবা নিশ্চয় আহিছে।