পৃষ্ঠা:ৰূপালীম.djvu/৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰালে। এতিয়া শেষত ৰজাৰ একমাত্ৰ ভৰসাৰ স্থল কণাৰ লাখুটি- এই ৰিমু ডেকাকো বেকা কৰি বিহ খুৱায়। দেখিছে প্ৰভু! কেনে দুষ্ট বুদ্ধি তিৰীৰ!

ৰজা৷ নাই, আৰু একো বাকী ৰখা নাই। পাপিনী, শাখিনী, যখিনীহঁতে সকলোৰে মুদা মাৰিলে। সকলোৰে গুৰি এই তিৰোতাবোৰেই। বিষয়াসকল! এইবাৰ মই ৰাজ্য পালেই সকলো তিৰোতাকে চাঙত তুলি ধোঁৱা দি দি মাছ শুকুৱাদি শুকুৱাই চিৰা-চেপেটা কৰিম। এজনী তিৰোতাৰো সঁচকে নাৰাখোঁ।

দ্বিতীয় বিষয়া৷ অৱশ্যে তেনে কৰিলে... সকলো ৰাজ্য তিৰোতাৰ হাতলৈ যাব। আজি আমাৰখন, - কাইলৈ কাৰোবাৰখন,- এইদৰে গোটেই পৃথিৱী জুৰি সিহঁতৰ ৰাজ্য বহিব।

  [এনেতে বাহিৰত শুকান পাতৰ ওপৰত খৰখৰণি উঠে।]

ৰজা৷ (বৰকৈ উচপ খাই চকু টেলেকাকৈ বিষয়াবোৰৰ চকুলৈ চায় আৰু সিহঁতকো ভয় খোৱা যেন দেখি নিজেই বৰ বিহ্বল হয়।) বিপদে দেখোন ঘেৰি আনি গাৰ ওপৰতে তুলিছেহি। তেন্তে- তেন্তে-

  বিষয়া কেইজনে ইটোৰে সিটোৰ চকুলৈ চাই আৰু ৰূকমী ৰজাক তাতে এৰি থৈ লাহে লাহে চুচুক-চামাককৈ হুহকি ওলাই সায়গৈ। ৰূকমী ৰজাই কি কৰোঁ কি নকৰোঁকৈ থাকোঁতেই বাহিৰত আকৌ ডাঙৰকৈ খৰখৰণি শুনা যায়। শুনা মাত্ৰেই ৰূকমী ৰজাই ‘ধৰিলে ঔ’ বুলি চিঞৰ শোধাই একে দীঘল জাপে তাৰপৰা পত্ৰং দিয়ে আৰু অলপ পিছতে হেলাই-হেফাই ইটোৰ গাত সিটো আউজি মায়াব’ আৰু ৰূপালীম্‌ আহি তাত ওলায়। ৰূপালীম্‌ ৷ (সেহাই সেহাই) মায়াব’- মায়াব’-মই আৰু খোজ কাঢ়িব নোৱাৰোঁ। মোৰ গাটো সুলকি পৰিব খুজিছে। মায়াব’! মোৰ বৰ পিয়াহ লাগিছে-মায়াব’-