পৃষ্ঠা:ৰূপালীম.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
[পঞ্চম অঙ্ক
ৰূপালীম্‌

সিহঁতৰ লগৰ কুকুৰে আমাৰ গমগতি পাই ভুকিছে। অ’ সৌৱা দূৰত মানুহ—সেনা—ব’লা, ব’লা উঠা।

ৰূপালীম। মায়াব’—মোৰ আৰু শক্তি নাই। মোক ইয়াতে এৰি থৈ — তুমি পলাই সাৰা। মই কেনেকৈ উঠিম? মোৰ কঁকালৰপৰা তলচোৱা থৰ হ’ল।

মায়াব’ বৰ উদ্বিগ্ন হৈ কি কৰোঁ কি নকৰোঁ হৈ এবাৰ হঠাৎ ৰূপালীমক কোলাকৈ দাঙি লয় আৰু এফালে ওলাই যাবলৈ ধৰোঁতে — সেইফালৰপৰা কুকুৰৰ ভুক্‌ভুকনি শুনি ওভোতা ফালে যাবলৈ ধৰোঁতে চাৰিটা সশস্ত্ৰ সৈনিকে মুক্ত তৰোৱালেৰে আগভেটি মায়াব’লৈ পোনাই আহি থিয় হয়। তাতে মায়াব’ই আকৌ প্ৰথমে যাব খোজা ফালেই ৰূপালীমক কোলাত লৈ লৰ মাৰিব খোজে, কিন্তু সেইফালৰপৰাও পাঁচটামান সশস্ত্ৰ সৈনিকে আগভেটি ধৰে আৰু ৰেণথিয়াং আহি আগত থিয় হয়। মায়াব’ বিমোৰ হৈ থৰ লাগি সেইদৰে ৰয়।

ঐক্যতান