পৃষ্ঠা:ৰূপালীম.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
[চতুৰ্থ অঙ্ক
ৰূপালীম্‌

মণিমুগ্ধ। লিগিৰী। (লিগিৰী এজনী সোমাই আহে।) চন্তৰী দুটা মাত।

[লগিৰী ওলাই যায় আৰু চন্তৰী দুটা সোমাই আহে।]

মণিমুগ্ধ। চন্তৰী! এইক ভালকৈ বান্ধি— মোৰ বন্দীশালত থৈ দেগৈ।

[চন্তৰী আহি ইতিভেনক ধৰি বাহিৰলৈ উলিয়াই নিব খোজে।]

ইতিভেন। (চিঞৰি কয়) তোক মই ঘিণ কৰোঁ। ঘিণ কৰোঁ —

মণিমুগ্ধ। ইতিভেন! মই তোমাক ভাল পাওঁ।

ইতিভেন। বৰ্ব্বৰ! ঘিণ কৰোঁ—মই তোক ঘিণ কৰোঁ।

[টানি চন্তৰীয়ে উলিয়াই নিয়ে।]

মণিমুগ্ধ। মই তোমাক ভাল পাওঁ। বৰ ভাল পাওঁ।

  তাৰ পিছত মণিমুগ্ধই কোঠাটোৰ মাজতে জলকা লাগি ৰৈ থাকে। লিগিৰীয়ে দুৱাৰখন জপাই দিয়ে। লাহে লাহে মণিমুগ্ধ আহি এবাটি ফটিকা লৈ খায়। এনেতে দূৰৈত খিৰিকীয়েদি গাওঁ পোৰা জুইৰ শিখা উজ্জ্বল হৈ জ্বলি উঠে আৰু তলত কোঢ়াল হয়। মণিমুগ্ধই ফটিকাৰ বাটিৰপৰা আৰু এঢোক খায়গৈ। খিড়িকী দুৱাৰত ভৰি বহলকৈ মেলি কঁকালত হাত দি দূৰৰ জুই চাই ৰৈ এবাৰ পিশাচৰ দৰে হাঁহি কয়।

মণিমুগ্ধ। (ডাঙৰকৈ কয়) তিৰোতাৰ ঈৰ্ষাৰ জুইত এটা জাতি জহি যাব লাগিছে। (সাউৎকৈ ঘূৰি) হাঃ হাঃ হাঃ!

ঐক্যতান