পৃষ্ঠা:ৰূপালীম.djvu/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মূৰটো নিজৰ কোলাৰ ওপৰত তুলি বৰ উদ্বিগ্ন হৈ মাজে মাজে জোকাৰে। মণিমুগ্ধ সংজ্ঞা উভতি আহে আৰু ইতিভেন বুলি সেহাই মাতে।

ইতিভেন৷ মণিমুগ্ধ! মণিমুগ্ধ। মই আছোঁ তোমাৰ ওচৰতে-

মণিমুগ্ধ৷ ইতিভেন! এঢোক ফটিকা দিয়া।

[ইতিভেনে ততাতৈয়াকৈ মুখত ফটিকা অলপ বাকি দিয়ে। ফটিকা খাই মণিমুগ্ধ কিছু সুস্থ হয়।]

মণিমুগ্ধ৷ ইতিভেন! বৰ দুখ দিলা। তুমি বৰ নিষ্ঠুৰা—তুমি মোক ভাল নোপোৱা ইতিভেন?

ইতিভেন৷ (হুকহুকাই কান্দিবলৈ ধৰে) মণিমুগ্ধ! বৰ ভাল পাওঁ—বৰ ভাল পাওঁ। তোমাক বৰ ভাল পাওঁ।

[মণিমুগ্ধক সাৱটি ধৰি মূৰত চুমা খাই গালখন মূৰত লগাই কান্দি থাকে। ]

মণিমুগ্ধ৷ ময়ো তোমাক বৰ ভাল পাওঁ।

ইতিভেন৷ তেন্তে আৰু তুমি ৰূপালীমকৰ কথা নকবা। তাইক আৰু ইয়ালৈ নানিবা।

মণিমুগ্ধ৷ কিন্তু ৰূপালীমৰ ৰূপ — ৰূপালীম্‌ সুন্দৰী —

ইতিভেন৷ (মণিমুগ্ধৰ মূৰটো কোলাৰপৰা নমাই থৈ) তুমি — তুমি — তুমি ৰূপালীমক ইয়ালৈ আনিব নোৱাৰা।

মণিমুগ্ধ৷ নহয়—ৰূপালীমৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰিলে মোৰ জীৱন অসাৰ্থক। তোমাক মই ভাল পাওঁ।

ইতিভেন৷ তোমাকো মই এইবাৰ ৰূপালীমক লগ পোৱাৰ আগতে শেষ কৰিম।

  [ইতিভেনে আকৌ সোণৰ শিকলি আগটোৰে মণিমুগ্ধক মাৰিবলৈ উদ্যত হওঁতেই মণিমুগ্ধই থিতাতে উঠি ইতিভেনৰ হাতত থাপ মাৰি ধৰি দুই হাতেৰে ইতিভেনক চোচোৰাই টানি আনে আৰু ইতিভেনে হাত-ভৰি এচাৰিবলৈ ধৰে। মণিমুগ্ধই কোনো মতেহে ধৰি ৰাখে। ]