পৃষ্ঠা:ৰূপালীম.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অঙ্ক
প্ৰান্ত-দেশৰ সীমাৰ ওচৰৰ এখন অগাধ জাৰণি
সময়—দিনৰ ভৰ দুপৰ

  জাৰণিৰ মাজৰ এজোপা বৰ গছৰ তলৰ এডোখৰ মুকলি ঠাই। বৰ ডাঠ হাবি দেখি তালৈ ৰ’দৰ পোহৰ বৰকৈ সৰকিব পৰা নাই। সেয়েহে ঠাইডোখৰ এন্ধাৰ-পোহৰুৱা। কিছু দূৰত জাৰণিৰ মাজে মাজে দুই এঠাইত চকামকা ৰ’দৰ চিক্‌মিকনি দেখা গৈছিল। বৰ গছৰ তলত ক্ষীণাই শুকাই বৌদ্ধ ভিক্ষুৰ সাজেৰে ৰূকমী ৰজা গছৰ গাত আউজি বহি আছে। তেওঁৰ দুয়োকাষে লেৰেলা চেপেটা বৌদ্ধ সন্ন্যাসীৰ সাজে চাৰিজন ৰূকমী বিষয়া।সিহঁতে ভোক-পিয়াহত কলমটিয়াব লাগিছে।

ৰূকমী ৰজা। (বৰ কাতৰ আৰু হতাশ হৈ) ৰাজ্য গ’ল—ৰাজভোগ গ’ল। বন-খাৰধিও নিমিলা হ’ল। লাওপানী ফটিকাতো দূৰৰ কথা, শেষত এতিয়া প্ৰাণ যায় যায়। কি উপায়?

১ম বিষয়া। নিৰূপায় প্ৰভু! মোৰ কণ্ঠটো শুকালেই, এতিয়া অণ্ঠ শুকালে বিপদ। দেখাদেখিকৈয়ে গছৰ পাত আৰু শিপা চোবাই কিমান দিন?

ৰজা। বিদ্ৰোহ—বিদ্ৰোহ—এতিয়া দেখিছোঁ—শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গও বিদ্ৰোহী হবগৈ।

২য় বিষয়া। প্ৰভু! মোৰ মনেৰে ওচৰৰ কোনো বৌদ্ধ মঠত আশ্ৰয় লোৱাৰ বাহিৰে আন একো উপায় নাই।

তৃতীয় বিষয়া। সেয়ে হলে মণিমুগ্ধৰ সৈন্যৰ হাতত পৰিব লাগিব। তেতিয়া প্ৰাণৰ সংশয়।