পৃষ্ঠা:ৰূপালীম.djvu/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
চতুৰ্থ অঙ্ক
৩৯
ৰূপালীম্‌

মদ বাকি খাবলৈ লয়। মদ খোৱা শেষ কৰি মণিমুগ্ধ আকৌ ৰূপালীমৰ ওচৰলৈ এখোজ দুখোজকৈ আহে।

মণিমুগ্ধ। ৰূপালীম্‌! তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মণিমুগ্ধই একো নকৰে! ৰূপালীম্‌! আহাঁ। তুমি এই শয্যাত বহাঁহি আৰু মই তোমাৰ চৰণৰ তলত বহি মোৰ অন্তৰৰ কথা কওঁ। মোৰ হিয়াৰ তলিৰ সকলো উবুৰিয়াই তোমাৰ আগত নিবেদন কৰোঁ। তেতিয়া তুমি বুজিবা—সমিধান নিদিয়াকৈ কেনেকৈ থাকিব পাৰিবা। ৰূপালীম্‌! আহাঁ— আহাঁ—

মনিমুগ্ধ ৰূপালীমৰ ফালে যায় আৰু ৰূপালীমে বৰ সশঙ্কিতা হৈ আতুৰৰ দৰে চাৰিওফালে চাবলৈ ধৰে। মণিমুগ্ধই তেনেই ওচৰ চাপি হাতত ধৰোঁ ধৰোঁ কৰোঁতেই ৰূপালীমে নিৰুপায় অসহায় হৈ এটা চিঞৰ মাৰি —“মায়াব’ —মায়াব” বুলি মুকলি খিৰিকীখনেদি ল’ৰি গৈ আগ-পাছ নুগুণি জাপ মাৰি দিয়ে। মণিমুগ্ধ হতবুদ্ধি হৈ অলপপৰ স্তব্ধ হৈ ৰৈ থাকে। এনেতে খিৰিকীৰ তলৰপৰা কোঢ়াল বাঢ়ি আহে। তাৰ মাজৰ জনতাৰপৰা “ৰূপালীম্‌—ৰূপালীম্‌” বুলি ওলোৱা চিঞৰ কোঢ়ালৰ মাজে মাজে স্পষ্টকৈ শুনা যায়। মণিমুগ্ধ গৈ খিৰিকী দুৱাৰত থিয় হৈ পিছত আচৰিত হৈ উভতি আহি “ৰেণথিয়াং! ৰেণথিয়াং!” বুলি বুলি চিঞৰে। কিন্তু কোনেও সঁহাৰি নিদিয়ে। এনেতে এজনী লিগিৰী ল’ৰি সোমাই আহি ফোপাই-ফোপাই কয়।

লিগিৰী। কোঁৱৰ! কোনোবা শত্ৰুৱে মনে মনে আহি আমাৰ কাৰেং আক্ৰমণ কৰিছে। পালি পহৰীয়া—

মণিমুগ্ধ। ( উত্তেজিত হৈ ) কি? ৰেণথিয়াং! ৰেণথিয়াং!

মণিমুগ্ধ দুৱাৰৰ ফালে লৰ মাৰি যায় আৰু দুৱাৰ মুখতে অস্ত্ৰে-শস্ত্ৰে সুসজ্জিত ‘ইতিভেন’ আহি মণিমুগ্ধক আগভেটি ধৰে। ইতিভেনৰ পাছতে বহু সশস্ত্ৰ ৰূকমী-সৈন্য হাতত মুক্ত তৰোৱালেৰে। মণিমুগ্ধ পাছ হুহকি আহে। এনেতে তুমুল শব্দ কৰি নগৰৰ জয়ঢোল আৰু বৰকাঁহ বাজিবলৈ ধৰে। বাহিৰত এটা বিৰাট গোলমাল আৰম্ভ হয়। মণিমুগ্ধই নিজকে চম্ভালি নিৰ্ব্বিকাৰ হৈ ফটিকাৰ বাটিটো লৈ গৈ শয্যাত বহি এঢোক ফটিকা খাই আৰু ইতিভেনলৈ