পৃষ্ঠা:ৰূপালীম.djvu/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪০
[ চতুৰ্থ অঙ্ক
ৰূপালীম্‌

ভ্ৰুকুটি কৰি চাই কুটিল হাঁহি মাৰি হাত বাউল দি ইতিভেনক শয্যালৈ মাতে। জয়ঢোল বৰকাঁহ জীণ পৰে কিন্তু বাহিৰত গোলমাল চলি থাকে।

মণিমুগ্ধ। ইতিভেন! তোমাক স্বাগত-সম্ভাষণ জনাইছোঁ। ইমান নিশাৰ অতিথি তুমি। বাটত বোধকৰোঁ তোমাৰ একো অসুবিধা হোৱা নাই? লিগিৰী! যা সোনকালে অতিথিসকলৰ শুশ্ৰষাৰ দিহা কৰগৈ। আহাঁ ইতিভেন! আসন লোৱাহি। তোমাৰ মোৰ প্ৰতি আগ্ৰহত মই বৰ মুগ্ধ হৈছোঁ। আহাঁ—

ইতিভেন। মণিমুগ্ধ! পৰিহাস থোৱা! মনত ৰাখিবা এতিয়া তুমি মোৰ বন্দী—

মণিমুগ্ধ। এতিয়াহে নে? যিদিনাই তোমাৰ সতে মোৰ প্ৰথম সাক্ষাৎ সেই দিনাৰপৰাই মই তোমাৰ চিৰবন্দী। অ’ আকৌ এপাক শিকলি মেৰাই তুমি নিঃসন্দহ হবলৈ আহিছা?

ইতিভেন। মণিমুগ্ধ! ধৈৰ্য্যৰ সীমা আছে।

মণিমুগ্ধ। অৱশ্যে—অৱশ্যে। মোৰ বুজাৰ ভুল হ’ল। প্ৰণয়ত পৰা সুন্দৰীসকলে মিলনৰ কাৰণে যে ধৈৰ্য্য বেলি ধৰিব নোৱাৰে তাক মই জানো। ইতিভেন! মোৰ সতে মিলন হবলৈ তোমাৰ ইমান হেপাহ! কিন্তু ইতিভেন! মই ভাবিছিলোঁ যে সামজিক ৰীতিমতে বিয়া পতালৈকে তুমি এখন্তেক ধৈৰ্য্য ধৰিব পাৰিবা বুলি—

ইতিভেন। মণিমুগ্ধ! আৰু বেছি কথা নকবা। ফটিকাৰ ৰাগীত তুমি এতিয়াও যে মোৰ হাতত বন্দী তাক উপলব্ধি কৰিব পৰা নাই আৰু তোমাৰ কথাত সঁচাকৈয়ে ভোল নেযাওঁ বুলিও নিশ্চয়কৈয়ে জানিবা।

মণিমুগ্ধ। ইতিভেন! চিৰকালেই মই তোমাৰ বন্দী। তুমিতো আগেয়ে মোত ভোল যোৱা নাছিলা। মইহে ভোল গৈছিলোঁ। এতিয়াও ভোল গৈয়েই আছোঁ।