মণিমুগ্ধ। ৰূপালীম্!
ৰূপালীম্। তুমি মোৰ দুখ নুবুজা কিয়? তুমি জানো মানুহ নোহোৱা?
মণিমুগ্ধ। মানুহ! নহয়—তোমাৰ ৰূপে আৰু মোক মানুহ কৰি থোৱা নাই। মই এটা অদম্য-বাসনা। মই তোমাৰ ৰূপৰ, তোমাৰ সৌন্দৰ্য্যৰ এটা ৰূপ ধৰা পিয়াহ। মই তোমাৰ সুন্দৰ অবয়বৰ অন্তৰালত থকা সুশুভ্ৰ আতমালৈ হোৱা এটা চিৰদিনীয়া হাবিলাস। ৰূপালীম্! তুমি মোক ঘিণ কৰিছা! কিন্তু মই তোমাক ভাল পাওঁ। অতিকৈয়ে ভাল পাওঁ। তোমাৰ কাৰণে মই বহুত তললৈ নামি গলোঁ—মানুহৰ শাৰীৰপৰা হিংস্ৰ পশুৰ শাৰীলৈ তোমাক পাবলৈ।
ৰূপালীম্। মোক নোপোৱা—মই নেথাকোঁ।
মণিমুগ্ধ। ( ভ্ৰুকুটি কৰি ) ৰূপালীম্! তোমাৰ এই পঙ্কজকান্তিৰ সুন্দৰ দেহাত এতিয়াই মোৰ বাসনাৰ ৰঙা গোলাপ-গুৰি সানি দিব পাৰোঁ। তোমাৰ সোণ-সেন্দুৰীয়া কপালত মোৰ তপত নিশাহ বোৱাব পাৰোঁ! তোমাৰ ওঠৰপৰা বৈ অহা ৰূপৰ ফটিকা মই এতিয়াই বাটিয়ে বাটিয়ে পি—তোমাৰ লৱনুকোমল বুকুৰ পৰশত ৰোমাঞ্চিত হৈ কামনাৰ সকলো পিয়াহ গুচাব পাৰোঁ—হেলাৰঙে-অনায়াসে—
ৰূপালীম্। তোমাৰ কথা মই বুজিব নোৱাৰোঁ। তোমালৈ মোৰ ভয় লাগিছে! মোক ঘৰলৈ—
মণিমুগ্ধ। মোৰ কথা বুজিব নোৱাৰা? ( হাঁহি ) মোৰ কথাৰ মানে হৈছে— ( অলপ কৰ্কশভাৱে ) তুমি মোৰ হাতৰ মুঠিত। মই তোমাক যি ইচ্ছা তাকে কৰিব পাৰোঁ।
এনেতে দুৰ্গৰ তলত মানুহৰ কোঢ়াল হয়। অলপ পৰৰ পিছত চিঞৰ- বাখৰ বাঢ়ি আহে। মণিমুগ্ধ এবাৰ খিৰিকীৰ ওচৰলৈ গৈ আকৌ এগিলাছ