ফুল বাটিৰে মৌৰে গীত নিজৰা বাকি দিয়া
বিয়াকুল ৰূপ-মৌ পিয়া।
আজি অভিনৱ তৰালি পোহৰৰ
চঞ্চল গীতি শুনা—
তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা।
তাতে বাসনা-উৰ্ব্বশী
বিবসনা —
নৃত্যতে আকুল
অ’ সখী! যায় যে বেলা—
হাঁহা সখী মোৰ হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খালে।
বীণ বজাই গীত গাই থাকোঁতে মাজে মাজে ৰূপালীম্ তাইৰ ফালে পৰি থকা হাতখন চোৱে, কিন্তু ৰূপালীমে আজোৰ মাৰি লৈ যায়। তাতে লিগিৰীজনীয়ে আনফালে মুখ ঘূৰাই দুষ্টালিৰে হাঁহে। তাই আকৌ গীতৰ এফাকি আওৰাব খোজোঁতেই ৰূপালীম্ ঘূৰি লিগিৰীজনীক সোধে।
ৰূপালীম্। মোক তোমালোকে কেলৈ ইয়াত থৈছা?
লিগিৰী। মণিমুগ্ধই কৈছে দেখি— তোমাক ইয়াত থৈ আদৰ-যতন কৰি, গীত শুনাই মন ভাল কৰিবলৈ কৈছে।
ৰূপালীম্। মোৰ যে মন ভাল নহয়। মোৰ যে বৰ বেজাৰ।
লিগিৰী। বেজাৰ? ( হাঁহি ) তোমাৰ বেজাৰ নাইকিয়া হ’ব। ইয়াত তুমি কিমান সুখত—কিমান আনন্দত থাকিবলৈ পাবা। এই সুন্দৰ সোণ-খটোৱা কাৰেঙৰ খোঁটালীত তুমি থাকিবা। কৰচন চৰাইৰ কোমলকৈও কুমলীয়া পাখি ভৰোৱা গাৰুৰ তলিছা পৰা—সোণৰ খুৰা-খুউৱা পালেঙত শুবলৈ পাবা। পাৰস্যদেশৰ ফুলৰ পাহিতকৈও নিমজ দলিচাত ফুৰিবলৈ