পৃষ্ঠা:ৰূপালীম.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক

মণিমুগ্ধৰ কাৰেং

সময়—দুপৰ নিশা

  মণিমুগ্ধৰ কাৰেঙৰ এটা সুৱৰ্ণময় ব্ৰহ্মদেশীয় কাৰুকাৰ্য্য খটোৱা কোঠা। কোঠা গোটেইটো সোণৰ পাতেৰে ছটা। সোণৰ ওপৰত ৰঙা-নীলা-কজলা নানান পাথৰ আৰু মণি-মুকুতাৰে বাখৰপতোৱা।কোঠাটোৰ সোঁমাজতে এখন ডাঙৰ খিৰিকী। খিৰিকীয়েদি দূৰত ছাঁৰ দৰে পেগোদাৰ আকৃতি দেখা গৈছে। আকাশত জোন আৰু তৰা। খিড়িকীয়েদি এছাটি জোনৰ পোহৰ সোমাই আহিছে। খিড়িকীৰ তলত এখন চাপৰ শয্যা পৰা আছে। তলত ৰূপালীম্‌ বহি বাহিৰৰ আকাশলৈ চাই বেজাৰমুৱা। কোঠাটোৰ বাঁওফালে এখন সৰু দুৱাৰ জাপ খাই আছে। ওচৰতে মাটিত বহি এজনী লিগিৰী। তাই হাতত এখন অদ্ভূত আকাৰৰ বীণা লৈ বহি টুং-টুংকৈ বজাই আছিল আৰু গীত গাইছিল।

—ঃগীতঃ—

অ’ সখি আজি   যৌৱন বন জুৰি
  বন-বসন্ত মুঞ্জৰি
  পাতে বৰণৰে মেলা,
হাঁহা সখী মোৰ   হাঁহা সখী মোৰ
  হাঁহিৰে ফাকু খেলা।
তোমাৰ ৰূপৰ ফুলনিতে
  শেৱালি নেৱালি কতনো ফুল...
দশোদিশ আমোলাই   কৰিছে আকুল