পৃষ্ঠা:ৰূপালীম.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
[চতুৰ্থ অঙ্ক
ৰূপালীম্‌

পাবা—জোন-বেলি বৰণীয়া, এন্ধাৰত জিলিকা মেজাংকৰী, কিংখাপ চাতোনৰ মাজত সদায় শুৱনী হৈ থাকিবা। ছাঁতে শুকুৱা মচলিনৰ ওৰণী, আৰু মনোময় অলঙ্কাৰ পাবা। সোণ, ৰূপ, হীৰা, পোৱাল, নানা মৰকত পদ্মৰাগ মণিৰ গহনা শৰায়ে শৰায়ে পিন্ধিবলৈ পাবা। দিনে-ৰাতিয়ে কত লিগিৰীয়ে তোমাৰ আলপৈচান ধৰিব। তাৰ উপৰি সুন্দৰ লনি ডেকা কোঁৱৰ মণিমুগ্ধৰ চেনেহ, ধাউতি আৰু মৰমে তোমাক আতোলতোলাই ৰাখি থব—তেতিয়া আৰু তোমাৰ বেজাৰ নেথাকিব। হাঁহিৰে থাকিব মুখত, বুকত—তুমি কিমান সুখত থাকিবলৈ পাবা। সঁচাকৈয়ে মই মিছা কোৱা নাই। তুমি এতিয়া হাঁহি-মাতি ভালকৈ থাকা। এতিয়া মণিমুগ্ধ ইয়ালৈ আহিব নহয়। তুমি এনেকৈ থকা দেখিলে মণিমুগ্ধই কি বুলি ভাবিব?

ৰূপালীম্‌। মণিমুগ্ধ কেলৈ আহিব? ইয়ালৈ এতিয়া কেলৈ আহিব?

লিগিৰী। চোৱাচোন বাৰু আঁকৰীজনীলৈ, বোলে আকৌ কেলৈ আহিব! আহিলে গম পাবা নহয়— ( কাণে কাণে কিবা কয়। )

ৰূপালীম্‌। ( কান্দি উত্ৰাৱল হৈ ) নহয়, নহয়—নোৱাৰে—নোৱাৰে। ( লিগিৰীৰ গাত ধৰি ) মই কি কৰিম— কি কৰিম? মই মৰি যাম, মই—মৰি—যাম। মায়াব’! মায়াব’! মই মৰি যাম। মই মৰি—যাম। ( নিজৰ বুকুত মুখ সুমাই কান্দিবলৈ ধৰে। )

 সোঁফালৰ দুৱাৰ মুকলি হয়। মণিমুগ্ধ হাতত এটা সোণৰ গিলাছ লৈ সোমাই আহি থমকি ৰৈ—আধা চকু মেলি খিড়িকীৰ দুৱাৰমুখৰ ৰূপালীমলৈ চাই থাকে। লিগিৰীজনীয়ে থিয় দিয়ে আৰু অলপ পৰ ৰৈ মণিমুগ্ধ তেনেকৈ থিয় হৈ থকা দেখি লাহেকৈ দুৱাৰেদি ওলাই যায়গৈ।

মণিমুগ্ধ। ( এখোজ আগবাঢ়ি আহি ) ৰুপালীম্‌! এনে জোনাক সুৱদী নিশালৈ আবতৰীয়া বেজাৰৰ ডাৱৰ কিয় মাতিছা?