পৃষ্ঠা:ৰূপালীম.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অঙ্ক]
২৯
ৰূপালীম্‌

দুৰ্ব্বলতাক আশ্ৰয় কৰি কৰ্ত্তব্যবিমুখ হৈছে—তেতিয়াই তিৰোতাই কৰ্ত্তব্য সোঁৱৰাই দিবলৈ ওলাই আহিছে। আজি ময়ো তাকে কৰিবলৈ ওলাই আহিছোঁ। পুৰুষৰ নেতাক আমাৰ ৰক্ষাৰ ভাৰ দি নিচিন্ত হৈ বহি আছিলোঁ। সেই পুৰুষ যেতিয়া আমাৰ সন্মান ৰাখিবলৈ অপাৰগ—অৱশ্যে ওলাই আহিম। কোৱাঁ ৰূকমী বীৰসকল! মোৰ ই উপযুক্ত হৈছে নে নাই?

সকলোৱে। ( একেবাক্যে ) উপযুক্ত হৈছে। উপযুক্ত হৈছে। অতি উপযুক্ত হৈছে!

ইতিভেন। তেন্তে ৰূকমী বীৰসকল! ওলোৱা—ৰূকমী জাতিৰ অপমানৰ প্ৰতিশোধ লবলৈ—ৰূকমী জাতিৰ মান ৰাখিবলৈ—ৰূকমী ৰূপহীৰ সতীত্ব ৰাখিবলৈ। তোমালোকৰ ৰজা যদি অসমৰ্থ—তেন্তে মই তোমালোকক বাট দেখুৱাই নিম। ৰূকমী ৰাইজসকল! তোমালোক এই অভিযানৰ বাবে সাজু নে?

সকলো। সাজু। সাজু।

কিছুমান। আমি প্ৰতিশোধ লম।

ৰজা। দেখিছোঁ—দেখিছোঁ—সকলো বিদ্ৰোহী। নিমিষতে—চকুৰ পচাৰতে—তিৰোতাৰ ৰাজ্য-বিস্তাৰ। সকলো দেখিছোঁ উলটিল বুদ্ধিৰ ঠাইত মূৰ্খতাৰ প্ৰকোপ—বিবেচনাৰ ঠাইত—অবিবেচনাই বৰপাগ মাৰি বহিল। গিয়ানক টঙনিয়াই অগিয়ানে খুঁটি পুতিলেহি। নহয়— নহয়, এনে কাম হ’ব নোৱাৰে। ইতিভেন! ইতিভেন! মূৰ্খালি—মূৰ্খালি—যা—যা—ভিতৰ সোমা!

ইতিভেন। ককাই! তুমি ৰজাৰ উপযুক্ত নোহোৱা। তুমি পিতৃ-পিতামহৰ এই সিংহাসন কলঙ্কিত কৰিছা। যোৱা—তুমি সিংহাসনৰপৰা নামি যোৱা।