পৃষ্ঠা:ৰূপালীম.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩0
[ তৃতীয় অঙ্ক
ৰূপালীম্‌

ৰজা। সিংহাসনৰপৰা নামি যাম? কিয়?

ইতিভেন। অৱশ্যে—ৰূকমী ৰাইজসকল! কাক লাগে? মোৰ এই কাপুৰুষ ৰূকমী জাতিৰ কলঙ্ক ককাইক নে তোমালোকৰ মান-গৌৰৱৰ কাৰণে প্ৰাণ দিবলৈ ওলোৱা এই ইতিভেনক?

সকলোৱে। ৰূকমী ৰাজকুঁৱৰীৰ জয়।

ৰজা। তিৰোতাৰ কথাত যেতিয়া ৰাজ্য চলা হ’ল—ৰাইজ মতলীয়া হ’ল—কোনো জ্ঞানী পুৰুষসিংহই তাত থকা উচিত নহয়। আহাঁ—কোন কোন ৰূকমী বীৰ আছা—মোৰ লগত। এই তিৰোতাসেৰুৱা মতাৰ ৰাজ্য ত্যাগ কৰোঁ, আহাঁ।

  ৰূকমী ৰজাই নিজেই ফটিকাৰ সোণৰ গাগৰি এটা দাঙি লৈ আসনৰপৰা নামি যায়গৈ আৰু কেইটামান লেৰেলা চেপেটা মানুহো তাৰপৰা এটা এটা কলহ লৈ ৰজাৰ পাছ ধৰি যায়।

ইতিভেন। ৰূকমী ডেকাসকল আৰু বিষয়াসমূহ! আপোনালোকৰ সাহ দেখি সঁচাকৈয়ে মোৰ বুকুলৈ আশা আহিছে। যদিও আমাৰ ৰাজ্যখন সৰু তথাপিও এটা এটা ৰূকমী দহোটা প্ৰান্তবাসিৰ সমানে যুঁজ দিব পৰা হ’ব লাগিব। আজি আমাৰ ঘোৰ সঙ্কটৰ দিন। আমাৰ মহাদুৰ্দিন। আমাৰ আগৰ প্ৰতাপ শৌৰ্য্য-বীৰ্য্য জঁয় পৰিছে। আমি আত্মৰক্ষা কৰিবলৈকো অপাৰগ হৈছোঁ। আমি আমাৰ ৰাজ্য আৰু প্ৰজাক শত্ৰুৰ আক্ৰমণৰপৰা ৰাখিব নোৱৰা হৈছোঁ। আমাৰ দুৰ্ম্মদ ডেকা নিশকতীয়া হৈছে। আমাৰ গৌৰৱ ম্লান পৰি আমাৰ জাতি মৰণোন্মুখ হৈছে।সেয়েহে শত্ৰুৰ ইমান দম্ভ—ইমান অতপালি। আমাক ইমান অৱজ্ঞাৰ চকুৰে চাব পাৰিছে। মানুহ বুলিও নগণা হৈছে। বুকৰ পৰা ছোৱালী কাঢ়ি নিছে। দুৰ্ব্বল বুঢ়ামানুহৰ ওপৰতো অত্যাচাৰ কৰিবলৈ সাহ কৰিছে। সাজু হোৱা,