ৰূকমীৰ তেজ সিৰত লৈও—ৰূকমী জাতিয়ে বাস কৰি যোৱা, এই পুণ্য পৱিত্ৰভূমিত থিয় হৈ এতিয়াও—এতিয়াও হাত সাৱটি বহি আছা!! এই তোমাৰ সুন্দৰ দেশৰ—এই সুন্দৰ ফলে-ফুলে জক্মকীয়া—এই ঠায়ে বিলে ভৰপূৰ—এই ৰূপহ ৰূকমীৰ দেশখন আজি শত্ৰুৰ পদদলিত হ’ল। আজি ৰূকমী ৰূপহীৰ ৰূপ ফুল-মোহৰা শত্ৰুৱে মোহাৰি গ'ল। তোমাৰ যুগযুগান্তৰৰ ৰূকমী পুৰুষসকলে, বুকুৰ তেজেৰে শলিতা তিয়াই জ্বলাই যোৱা ৰূকমী গৌৰৱৰ বন্তি শত্ৰুৱে ভৰিৰ ধূলাৰে ছাটি মাৰি নুমাই গ’ল। তোমাৰ তেজ থাকোঁতেও—প্ৰাণ থাকোঁতেও ৰৈ চাই আছা। ইমান দুৰ্ব্বল হৈ, ইমান জুৰুলা হৈ, ইমান নিশকতীয়া হৈ, ইমান অমানুহ হৈ জীয়াই নেথাকিবা। এই ৰাজ্যত তোমালোকৰ থাকিবৰ একো অধিকাৰ নাই। ৰূকমী বুলি চিনাকি নিদিবা! ডেকা বুলি নকবা। এই পৱিত্ৰ ভূমিত আৰু তোমালোকৰ জন্ম নুবুলিবা। ৰূকমী বীৰসকলে কোৱা ভাষা—ৰূকমী ভাষা—ৰূকমী বীৰপুত্ৰই মাতৃক মতা ভাষা—ৰূকমী বীৰ-সন্তানে জন্মভূমিক অৰ্চ্চনা কৰা ভাষা—ৰূকমী সতীয়ে স্বামীক ভক্তি জনোৱা ভাষা—ৰূকমী যুঁজাৰুৱে মৰণ জয় কৰিবলৈ শত্ৰু সৈন্যক আহ্বান কৰা ভাষাৰ পৱিত্ৰ শব্দ তোমালোকৰ মুখেৰে উচ্চাৰণ নকৰিবা। তোমালোক ৰূকমী নোহোৱা—ৰূকমী সন্তান নোহোৱা।
সকলোৱে। আমি ৰূকমী, আমি ৰূকমী। আমি প্ৰতিশোধ লম। আমি প্ৰাণ দিম।
ইতিভেন। উপযুক্ত কথা কৈছা ৰাইজসকল। ৰূকমীৰ মুখৰ উপযুক্ত কথা। বুজিলোঁ—ৰূকমী জাতি আজিও জীয়াই আছে। যুগ-যুগান্তৰ ধৰি মোৰ মাতৃসকলে সেৱাত নিমগন হৈ আছে। কিন্তু যুগে যুগে যেতিয়াই পুৰুষে কৰ্ত্তব্য পাহৰি