পৃষ্ঠা:ৰূপালীম.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
তৃতীয় অঙ্ক]
২৭
ৰূপালীম্‌

ৰজা। ( চিঞৰি ) নোসোমাৱ?

  ( অলপ আগবাঢ়ি ) সো—মা—ভিতৰ,

( খঙত কঁপি কঁপি ইতিভেনৰ ওচৰলৈ যাব খোজে। )

ইতিভেন। ( ৰূকমী ৰজাৰ খং আৰু গেঙেৰিলৈ ভয় নকৰি সমূহ ৰাইজলৈ উদ্দেশ্য কৰি ) ৰাইজসকল আৰু বিষয়াসকল! কাপুৰুষ বিলাসি ৰজাৰ ছাঁত থাকি তোমালোকৰো বুদ্ধি ভ্ৰষ্ট হ’ল নেকি? নিজৰ বাহুবল পাহৰি গলা নেকি? তোমাৰ ঘৰতে —তোমাৰ চোতালতে আহি তোমাৰ বুকুত গোৰ মাৰি শত্ৰু গুচি গ’ল। তুমি গৰ্জ্জি নুঠি সেই শত্ৰুৰ চৰণৰ ধূলি নিৰ্মালি বুলি ললা। ৰূকমী ডেকা! ৰূকমী পুৰুষ! তুমি ইমান তললৈ গলা?

(প্ৰজাবোৰৰ মাজত কথা-বতৰা হবলৈ ধৰে।)

জুনাফা। ঠিক কৈছা, ঠিক কৈছা আই! পাহৰিলে, পাহৰিলে, সকলো পাহৰিলে।

এজন ডেকা। ( উত্তেজিত হৈ ) নাই—নাই পাহৰা, নাই পাহৰা।

ইতিভেন। সৌৱা তোমাৰ দেশৰ ওখ পৰ্ব্বতৰ শিখৰ এতিয়াও উচ্চশিৰ হৈ আছে। মাথোন তুমিহে মূৰ দোঁৱালা।

( এনেতে কেইবাটাও ডেকাই মাতে। )

ডেকাবোৰ। নাই দোঁওৱা।

ইতিভেন। সৌৱা তোমাৰ পৰ্ব্বতৰ মাজে মাজে আগৰ শক্তিৰেই হিলদল ভাঙি মহানদবোৰ পূৰ্ব্ব গৌৰৱ আৰু মহিমা ঘোষি আজিও বৈ গৈ আছে। মাথোন তুমিহে আপোন পাহৰি নিশ্চল নিবীৰ্য্য হৈ টোপনি গলা। সৌৱা—সৌৱা—তোমালোকৰ বীৰ পূৰ্ব্বপুৰুষসকলৰ মহান মৈদামবোৰে—বুকুত ৰূকমী মহাবীৰসকলক লৈ—এতিয়াও মহাগৌৰৱেৰে মূৰ দাঙি ৰূকমী জাতিৰ গৌৰৱ ঘোষিব লাগিছে। কিন্তু তোমালোক ৰূকমী ডেকাৰ, —সজাগ জীৱন্ত, প্ৰাণৱন্ত বাহু থকাতো,