ৰজা। ( অলপ কুমলি ) ইতিভেন ভনীটি! তোৰ ভুল হৈছে। ভাবি চাচোন, মণিমুগ্ধক আমি কি কৰিব পাৰোঁ—আৰু বিশেষতে যেতিয়া মণিমুগ্ধ আমাৰ মিত্ৰ। তাৰ উপৰি তোক বিয়া কৰাবলৈ বিচাৰিছে—
ইতিভেন। তেনে স্বামী মই নবৰোঁ। মোক বিয়া কৰাবলৈ ওলাই মোৰ জাতিৰ এজনী সামান্য দৰিদ্ৰ ছোৱালীৰ সোণ যেন গাৰ বৰণ দেখিয়েই যি এনে নীচ আচৰণ কৰিবলৈকো সঙ্কোচ নকৰিলে, তেনে পুৰুষক মই ঘিণ কৰোঁ। হাঁহি উঠা কথা নকবা।
ৰজা। বাৰু পিছে আমিনো কি কৰিব পাৰোঁ ? এনে প্ৰতাপী ৰজাক আমি এই নিশকতীয়া প্ৰাণী কেইটাই কি কৰিব পাৰোঁ?
ইতিভেন। একো কৰিব নোৱাৰিলেও মণিমুগ্ধৰ শিলৰ দুৰ্গৰ লোহাৰ দুৱাৰত মূৰ খুন্দিয়াই মৰিবগৈতো পাৰিম?
ৰজা। ‘স্ত্ৰী বুদ্ধি প্ৰলয়ঙ্কৰী’—শাস্ত্ৰৰ বচন। ইতিভেন ! তহঁতৰ বুদ্ধিয়ে ৰান্ধনীঘৰৰ মাৰলী কেইডালকে ঢুকি নেপায়গৈ। এতিয়া তেনে কটীয়া বুদ্ধিৰে ৰজাৰ বৰচ’ৰাৰ মূধচ চুবলৈ আহিছ!
ইতিভেন। ককাই!
ৰজা। ( খঙত মুখ বিকটাই ) ককাই! কিহৰ ককাই একাই? সোমা ভিতৰ ( আঙুলিৰে নিৰ্দ্দেশ দিয়ে।)
ইতিভেন। নোসোমাওঁ! ( গোঙোৰা হৈ থাকে )
ৰজা। নোসোমাৱ?
ইতিভেন। নোসোমাওঁ।
লাহে লাহে তালৈ ভালেমান প্ৰজাৰ সমাগম হবলৈ ধৰে। ৰূকমী ৰজা অলপ পৰ টলকা মাৰি তাৰ পিছত কেইবাটিমান ফটিকা খাই আগতকৈ একোব চৰে —