পৃষ্ঠা:ৰূপালীম.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
তৃতীয় অঙ্ক]
২৩
ৰূপালীম্‌

জুনাফা। ক’ব নোৱাৰোঁ—চিনি নেপাওঁ।

ৰজা। হেৰ’! তয়ে চিনি নেপালি, মইনো পাওঁ কেনেকৈ? মোৰ চকুকেইটা সোলোকাই জানো তোৰ চাংঘৰত আঁৰি থৈছিলোঁ—সিহঁতক দেখি চিন্‌ ৰাখি থবলৈ?

( আটিবোৰে হাঁহিবলৈ ধৰে )

জুনাফা। চিনি নেপাওঁ যদিও শুনিবলৈ পাইছোঁ তেওঁ হেনো প্ৰান্তদেশ অধিপতি মণিমুগ্ধ কোঁৱৰ।

ৰজা। আচৰিত —!

( সকলো আচৰিত হয় )

ৰজা। বুঢ়া তই কিবা সপোন দেখি ধৰফৰাই উঠি আহিছ নেকি? প্ৰান্তদেশ-অধিপতি মণিমুগ্ধ? সিদিনাহে তেওঁ ইয়াত আলহী খাই মোৰ ভনী ইতিভেনক বিয়া কৰাবলৈ থিৰ কৰি গৈছে আৰু তই কৈছহি তেওঁ তোৰ ছোৱালী নিলে। বুঢ়া, ফটিকা খালি নেকি সৰহকৈ?

( আটাইবোৰে বৰকৈ হাঁহে। )

জুনাফা। সঁচাই মণিমুগ্ধ! তেওঁ চিকাৰলৈ আহি মোৰ ৰূপালীমক দেখি—মোক নিজ ইচ্ছাৰে তাইক দিবলৈ ক’লত মই অসন্মতি প্ৰকাশ কৰাত মোৰ ওপৰত অত্যাচাৰ কৰি তাইক বলেৰে—

ৰজা। মিছা কথা, মিছা কথা। আৰু সঁচা হলেও তাৰ কোনো প্ৰতিকাৰ নাই—হব নোৱাৰে। বুঢ়া, তোৰ এজনী সামান্য ছোৱালীৰ কাৰণে এতিয়া মই মহাপ্ৰতাপী মণিমুগ্ধক জোকাই লৈ ৰাজ্যলৈ বিপদ চপাবলৈ কৱ নে?

জুনাফা। প্ৰভু! তোমাৰপৰাও আজি এনে কথা শুনিব লাগিবনে? তোমাৰ ৰাজ্যৰ দুখীয়া প্ৰজাৰ ঘৰৰপৰা ডকাইতৰ