পৃষ্ঠা:ৰূপালীম.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
[তৃতীয় অঙ্ক
ৰূপালীম্‌

দৰে আন মানুহে বুকুৰ ছোৱালী কাঢ়ি নিবহি—তুমি আমাৰ ৰজা হৈ—ৰক্ষক হৈ—আমাক ৰাখিব নোৱাৰা?

ৰজা। বুঢ়া! সাৱধানে কথা কবি। এতিয়াও মোৰ ভাবিব পৰা—বিবেচনা কৰিব পৰা শক্তি আছে। এতিয়াই ইয়াৰ পৰা আঁতৰ হ।

জুনাফা। তেন্তে মই বিমুখ হৈ উভতি যাব লাগিব? তেন্তে মই মোৰ ৰজাৰপৰা একো বিচাৰ নাপাওঁ?

ৰজা। নাপাৱ। একো নাপাৱ। এই চন্তৰী! এই বুঢ়াক ইয়াৰপৰা দূৰ কৰি থৈ আহগৈ।

জুনাফা। তেনহলৈ আৰু কাৰ ওচৰলৈ যাম? ৰূকমী ৰাজ্যত আজি বিচাৰ নাই! বিচাৰ নাই!!

( ভিতৰৰপৰা হঠাৎ ইতিভেনৰ প্ৰৱেশ।)

ইতিভেন। বুঢ়া! ৰূকমী ৰাজ্যত এতিয়াও বিচাৰ আছে। ৰ’বা।

 ( ইতিভেনক দেখি সকলো বৰ আচৰিত হয়। ৰূকমী ৰজাই বিস্ময়েৰে ইতিভেনৰ মুখলৈ কিছু পৰ চাই থাকে—ৰূকমী ৰজাৰ ৰাগী কৰবালৈ যায়। )

ৰজা। ইতিভেন। ইনো তোৰ কেনে আচৰণ?

ইতিভেন। ( অবিচলিত মাতেৰে ) একো আচৰিত হবলগীয়া নহয়।

ৰজা। একো নহয়? ইতিভেন?

( ইতিভেনে একো নামাতি ৰৈ থাকে। )

ৰজা। ইতিভেন! তই ওলাই অহাৰ কি আৱশ্যক?

ইতিভেন। হৈছে দেখিহে ওলাই আহিছোঁ।

ৰজা। তোৰ একো আৱশ্যক নাই। ভিতৰৰ মানুহ ভিতৰলৈ যা।

ইতিভেন। তুমি বুঢ়াৰ বিষয়ে বিচাৰ নকৰামানে মই ভিতৰলৈ নেযাওঁ।