সমললৈ যাওক

পৃষ্ঠা:ৰূপালীম.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
[তৃতীয় অঙ্ক
ৰূপাlলীম্‌

বিলাকৰ ৰূপত জেউতি ঢালি দিয়ে। ফটিকাই স্ফূৰ্তিৰ ৰস। লিগিৰী! আৰু এবাটি— ডাঙৰ বাটি—ডাঙৰ বাটি—

  লিগিৰীয়ে ফটিকা যাচে আৰু ৰজাই পিবলৈ ধৰে। নাচনীয়াৰবিলাকে আনন্দত কিৰীলি পাৰি নানা বাংকৰা-বিংকৰা কথা চিঞৰে। গীতৰ ৰোলত আৰু মতলীয়াবোৰৰ কোঢ়ালৰ প্ৰতাপত কাৰো মাত কেৱে নুশুনা হয়। সিহঁতেনো কোঢ়ালত কি গীত গাইছে—তাক বুজিবৰ সাধ্য নাই। জুনাফা আৰু মায়াব’ দুয়ো ডিঙিত ধৰাধৰিকৈ হেলাই-হেপাই আহি তাত ওলায়। সেইখিনি পায়েই জুনাফাই হাওহাওকৈ কান্দি তাতে ধাচ্‌কৈ লুটি খাই পৰে। গীত নিমাত হয় আৰু মতলীয়াবোৰৰ কোঢ়াল মাৰ যায়।

ৰজা। ( অতিপাত বিৰক্তিৰে ) এইটো আকৌ কি? হেৰ’ এই গীত-মাতৰ মাজত হাউৰিয়াই মৰিছহি কিয়?

জুনাফা। প্ৰভু! প্ৰভু! মোৰ সৰ্ব্বনাশ হ’ল। ৰাখক মোক! মোক—ৰাখক!!

ৰজা। ( আগতকৈয়ো বিৰক্তিৰে ) ৰাখিব লাগে—এতিয়া এই সময়তহে তোক ৰাখিবলগীয়া হ’ল? ইহঁত ইয়ালৈ আহিবলৈ পালে কেনেকৈ? চন্তৰীবোৰেও ফটিকা খাইছে নেকি সৰহকৈ?

জুনাফা। আপুনি আমাৰ ৰজা—আমাৰ সকলো ভৰসা। আপোনাৰ ওচৰলৈ আহিছোঁ, ৰাখক।

ৰজা। হেৰ’! ৰজা হলোঁ বুলিয়েইনো ফটিকাটোপাও শাতিৰে খাব নিদিয়নে? ৰজা হলোঁ বুলিয়েইনো ৰং-তমচাও নকৰিমনে? মই ৰজা নহৈ যেনিবা প্ৰজাৰ কিনা গোলামহে! বাৰু—তোৰনো কি ৰাখিব লাগে? তোৰ হ’ল কি? ফটিকাৰ কলহৰ তলি ফুটিল নেকি?

জুনাফা। প্ৰভু! মোৰ একেজনী ছোৱালী— তাইক মোৰ হাতৰপৰা কাঢ়ি লৈ গ’ল।

ৰজা। ( মূৰ্ত্তি সলাই ) ছোৱালী? ছোৱালী নিলে? কোনে?