পৃষ্ঠা:ৰূপালীম.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অঙ্ক
ৰূকমী ৰজাৰ ৰাজধানী

সময় :- পূৰ্ণিমাৰ নিশা

  ৰজাৰ কাৰেঙৰ মুকলি ফুলনিত ৰজাৰ পূৰ্ণিমা উৎসৱ। পূৰ্ণিমা নিশা। ফুলনিখন আহল-বহল। তাত নানা বিধৰ ফুল ফুলি আছে।ফুলনিৰ মাজে মাজে চীন দেশীয় ফানুছবোৰৰ ভিতৰত চাকি জ্বলাই ওলোমাই থৈছে। মাজে মাজে বহা আসন পতা আছে। ফুলনিৰ এমূৰত ৰজাৰ কাৰেং।দুমহলীয়া কাৰেং - চীন দেশীয় স্থাপত্য কাঠেৰে সজা। কাৰেঙৰ সৰু সৰু খিৰিকী আৰু দুৱাৰবোৰেদি পোহৰ বিৰিঙি বিৰিঙি ওলাইছে। এখন কেবাখলপীয়া নানা বৰণেৰে চিত্ৰ-বিচিত্ৰ কৰা খাটোলাত ৰূকমী ৰজাই সাজসজ্জাপূৰ্ণ পয়োভৰেৰে বহি ফটিকা খাব লাগিছে। ৰজাজন ডেকা, আমোদপ্ৰিয় আৰু সুৰাসেৱী। ৰজাৰ ওচৰত খলপে খলপে ৰজাৰ বিষয়া লগৰীয়াবিলাক আয়ামেৰে আৰু আয়াসেৰে বহি আছে। চাৰিওফালে জুমে জুমে ডেকা-গাভৰু বহি হাঁহি-খিকিন্দালি কৰি আছে আৰু ফটিকা যোগাব লাগিছে।চামে চামে ডেকা-ডেকেৰীবিলাক উঠি নাচিছে-বজোৱাই বজাইছে, গোৱাই গাইছে, মতলীয়া হৈ অনাইবনাই ফুৰিছে। এজুম ডেকেৰীয়ে নাচি নাচি ৰজাৰ ওচৰ পাইছেহি। এনে সময়তে এজনী লিগিৰীয়ে সোণৰ বান-বাটিৰে ফটিকা পিবলৈ দিয়ে। ৰজাই সেই ফটিকা বাটি পি তাৰ এৰাখিনি ডেকেৰীবোৰৰ গালৈ ছটিয়াই দিয়ে আৰু খল্খলাই হাঁহিবলৈ ধৰে।

ৰূকমী ৰজা। (ৰাগীত বিভোৰ হৈ) ফটিকা—তাৰ ৰাগী-জোনৰ পোহৰবোৰ যেনেকৈ নৈ গছ-গছনিত পৰি ৰূপহ কৰে, সেইদৰে ফটিকাৰ ৰাগী লগা চকুৰ চাৱনিয়ে এই সুন্দৰী-