পৃষ্ঠা:ৰূপালীম.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
[দ্বিতীয় অঙ্ক
ৰূপালীম্‌

মণিমুগ্ধ। ( কোমলাই ) নহয় নহয় বুঢ়ামানুহ! সেইবোৰ কথা আৰু নুলিয়াবা। যি হ’ল হ’ল। পাহৰি যোৱা। এইজনী সম্ভৱ তোমাৰেই জী নাইবা নাতিনী। তাইৰ ৰূপলৈ চাই তাই তোমাৰ জুপুৰীৰ কাৰণে নহয়, তাইৰ ৰূপৰ জেউতি আঢ্যৱন্তসকলৰ জোনাকী কাৰেঙৰ ভিতৰতহে দুগুণে চৰিব।

জুনাফা। ( নিজৰ মনতে ৰোষত জ্বলি ) এনে কথাও মই শুনি থাকিবলগীয়া হ’ল! এনে কথাও— মই সহিব লাগিব। কিয় তোৰ শক্তি নাই? তই কিয় দুৰ্ব্বল হৈ সংসাৰলৈ আহিছিলি? দুৰ্ব্বলৰ কিহৰ মান— কিহৰ অপমান? অপমানেৰে— ক্ষোভেৰে— নিজৰ গাৰ প্ৰতি তেজ টোপালেৰে তই তোৰ দুৰ্ব্বলতাক পুহিব লাগিব। এই পৃথিৱীৰ—নৈ-সাগৰ—বন উপবন— ভালৰো ভাল, সুন্দৰৰো সুন্দৰখিনি—ৰূপৰো ৰূপ—কাৰ ভোগ্য? বলীৰ—শক্তিশালীৰ। আৰু তই—বলীৰ পাদুকাৰ মলি মাথোন। পেলাই দিয়া চুৱা-পাতেৰে তোৰ ক্ষীণ আৰু দুৰ্ব্বল অঙ্গ ৰক্ষা কৰিব লাগিব আৰু যদি ভুলত, অদৃষ্টৰ পৰিহাসত তোলৈ কিবা ভাল বস্তু আহে— তাক তই বলীৰ হাতত দিব লাগিব। তোৰ পুষ্ট শৰীৰটো বলীৰ পদ-সেৱাত... তোৰ নিপোটল ল’ৰাটো বলীৰ হুকুমৰ আঙুলি মূৰত— তোৰ সুন্দৰী ছোৱালীজনী— বলীৰ— সিহঁতৰ কাৰেঙৰ লিগিৰীকৈ দিবগৈ লাগিব।

মণিমুগ্ধ। বুঢ়া! অনৰ্থক অনুশোচনাৰপৰা একো ফল নাই।

ৰেণথিয়াং। প্ৰভু! সন্ধিয়া হৈ আহিছে। আমি আৰু সৰহ বেলি ইয়াত ইহঁতৰ সৈতে ৰেপাৰেপি কৰি থাকিব নোৱাৰোঁ। ইহঁতৰ যথোচিত শাস্তি হ’ল। এতিয়া নেদেখাজনৰ কৃপাত আমাৰ ভাগ্যত এই মুকুতাটি মিলিছে যেতিয়া—

মণিমুগ্ধ। বুঢ়া মানুহ! তুমি আপোন ইচ্ছাৰেই এই ৰূপহীৰ