পৃষ্ঠা:ৰূপালীম.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় অঙ্ক]
১৯
ৰূপালীম্‌

কপাল মুকলি কৰি দিয়া। তুমি ৰূপহীক মোক সমৰ্পন কৰা। তাৰ সলনি—তোমাৰ এই জুপুৰিৰ সলনি—কাৰেং যেন ঘৰবাৰী আৰু সুন্দৰীৰ সলনি তাইৰ শৰীৰৰ জোখৰ সোণ—

জুনাফা। সোণ! সোণ! সোণ নহয়—সোণ নেলাগে—ডকাইত—তোৰ প্ৰাণ—

  জুনাফাই বুঢ়া বাঘৰ দৰে মণিমুগ্ধৰ গাত জাপ মাৰি পৰেহি। মণিমুগ্ধই জুনাফাক হাতত ধৰি মাটিত বগৰাই পেলায়। আনফালে ৰেণথিয়াঙে ৰূপালীমক মায়াব’ৰ ওচৰৰপৰা কোলাত তুলি লৈ ওলাই যায়।

ৰূপালীম। ( কান্দি কান্দি চিঞৰি ) আপু! আপু! ৰাখ অ’ মোক—কোন আছ? কোন আছ?

  [ৰেণথিয়াঙে তাইক উলিয়াই লৈ যায়। ৰূপালীমে ৰেণথিয়াঙৰ কোলাত হাত ভৰি এচাৰি মূৰ আফালি কান্দি গছৰ পাত সৰুৱাই যায়। কিন্তু আন এটাই মুখত সোপা দিয়াত চিঞৰ নুশুনা হয়। ইফালে মণিমুগ্ধৰ ৰখীয়া সেনাৰ সৈতে জুনাফাৰ ভীষণ যুঁজ হয়। এইবোৰৰ মাজত ৰূপালীমৰ এবাৰ দুবাৰ “আপু—আপু” ক্ষীণ চিঞৰৰ শব্দ শুনা যায়। মায়াব’ই তাৰপৰা উঠোঁ উঠোঁ কৰে কিন্তু উঠিব নোৱাৰি লুটি খাই খাই পৰি যায়। গৰখীয়া সেনা কেইটাক ইঙ্গিত দিয়াত সিহঁতে আহি জুনাফাক ধৰি ৰাখি থয়। মণিমুগ্ধ তাৰপৰা খৰকৈ ওলাই যায়। মণিমুগ্ধ ওলাই যোৱাৰ পিছতে সেনা কেইটাই জুনাফাক অতিপাতকৈ মৰিয়াই মৰিয়াই পেলাই থৈ গুচি যায়। জুনাফা আধা-মৰাৰ দৰে তাতে পৰি থাকে। মায়াব’ই কোনোমতে চুচৰি বাগৰি ইফালে সিফালে চাবলৈ প্ৰয়াস পায় আৰু সেহাই সেহাই “ৰূপালীম্‌, ৰূপালীম্‌” বুলি মাতিবলৈ চেষ্টা কৰে। কঁপি কঁপি জুনাফা উঠে। জুনাফাৰ মুখৰ আকৃতি দেখিলে ভয় লগা। বুঢ়া চকুৱেদি জুইৰ আঙনি বৰষিছে— সৰসৰাই চকুৰ পানী বৈছে। ]

জুনাফা। ( বলিয়াৰ দৰে ) ৰূকমী... ৰূকমী ডেকা-বুঢ়া— আটাইবোৰ জহি গলি নেকি? উস্‌—মোৰ কি হ’ল— কি হ’ল? ( হাওঁহাওঁকৈ কান্দি ) ৰূপালীম্‌—ৰূপালীম্‌! নাই, নাই —