পৃষ্ঠা:ৰূপালীম.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় অঙ্ক]
১৭
ৰূপালীম্‌

জুনাফা। ( খঙত বলিয়া হৈ ককালৰ মিত উলিয়াই ) নহয়— নহয়— তহঁতকো শুদাই নেৰিছোঁ।

  [জুনাফাই মিত্‌ ঘূৰাবলৈ ধৰে। ৰেণথিয়াং আঁতৰ হয়। মণিমুগ্ধই ইঙ্গিত দিয়ে আৰু সেনাবোৰে মিত্‌ উলিয়াই জুনাফাক বেঢ়ি ধৰে। এনেতে ৰূপালীমে উধাতু খাই আহি কয়।]

ৰূপালীম্‌। নামাৰিবি। নামাৰিবি।

[চাংঘৰৰ ভিতৰৰপৰা ওলাই আহি সিহঁতৰ মাজত পৰেহি। আটাইবোৰ ক্ষান্ত হয়। ]

ৰূপালীম্‌। ( হুক্‌-হুক্‌ কৰে কান্দি ) নামাৰিবা, নামাৰিবা। মোৰ আপুৱে তোমালোকৰ কি জগৰ কৰিলে বাৰু? ( জুনাফাৰ মুখলৈ চাই হুক্‌-হুক্‌কৈ কান্দি ) আপু! আপু! অ’ আপু! — ( মায়াব’লৈ চাই হুক্‌-হুক্‌কৈ কান্দি মায়াব’ৰ ওচৰলৈ গৈ তেজ দেখি ভয়ত চিঞৰি ) আপু!— আপু!— মায়াব’ৰ কি হ’ল?— মায়াব’— মায়াব’!

[ৰূপালীমে মায়াব’ৰ মুখৰ তেজ মচি দিবলৈ ধৰে। মায়াব’ পৰি থাকে। জুনাফাই অপমানত জৰ্জ্জৰিত হৈ কয় ]

জুনাফা। শক্তিৰ অধিকাৰ! শক্তিৰ অধিকাৰ!! এৰা, শক্তিৰেই অধিকাৰ— বলীৰেই অখণ্ড প্ৰতাপ।

  ইমান সময় মণিমুগ্ধ মন্ত্ৰমুগ্ধৰ দৰে ৰূপালীমৰ ফালে চাই আছিল। মণিমুগ্ধ তেনেকৈ তন্ময় হৈ চাই থাকোঁতে ৰেণথিয়াঙে কাণে কাণে কিবা কলেহি তাতে মণিমুগ্ধৰ টোপনি ভঙা যেন হ’ল।

মণিমুগ্ধ। অৱশ্যে, অৱশ্যে, এই মুকুতা যদিও শামুকৰ পেটত উপজিছে, ইয়াত ইয়াৰ ঠাই নহয়। ই ৰাজকাৰেঙৰহে উপযোগী। এই ৰূপহীজনী কোন?

জুনাফা। কোন? কেলৈ আমাক শাস্তি বিহি হেপাহ পলোৱা নাইনে? এতিয়া আজলী ছোৱালী—