পৃষ্ঠা:ৰূপালীম.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৬
[দ্বিতীয় অঙ্ক
ৰূপালীম্‌

কেনে বৰ্ব্বৰ আচৰণ? অচিনাকি! মোৰ আদেশ— তোমালোক মোৰ ঘৰৰ চোতালৰপৰা আঁতৰ হোৱা।

ৰেণথিয়াং। ( জুনাফাৰ ওচৰলৈ চোঁচা মাৰি আহি বুঢ়াৰ ডিঙিত ধৰি ) বৰ্ব্বৰ! নিশকতীয়া বুঢ়া! তোৰ কিহৰ ইমান তেজ? কাক এনে বাক্য বুলিছ?

  জুনাফাৰ ডিঙিত চেপি জোকাৰিবলৈ ধৰে আৰু মায়াব’ই খন্তেকৰ ভিতৰতে কাঁৰপাত অহাদি আহি ৰেণথিয়াঙক ডিঙিত ধৰি মুখত ঘুচিয়াই মাটিত পেলাই দিয়ে। তাতে দুয়োটাৰ তুমুল সংগ্ৰাম আৰম্ভ হয়। জুনাফা কঁপি কঁপি মাটিত বহি যায়। মণিমুগ্ধই কঁকালৰপৰা উলিয়াই এটা পেঁপা বজায়। পাঁচোটামান বন্দী গৰখীয়া সেনা আহি তৎক্ষণাত ৰেণথিয়াঙক মায়াব’ৰ হাতৰপৰা মুক্ত কৰি আনে।মায়াব’ উঠিবলৈ ধৰোঁতে কেইবাটাও সেনাই ধৰি ধনঞ্জয় প্ৰহাৰ আৰম্ভ কৰিলত সি পৰি যায়। ৰেণথিয়াঙে তেতিয়া হাতৰ চাবুকেৰে তাক মূৰে-গায়ে একোনাই হৈ কোবাবলৈ ধৰে। মায়াব’ৰ মুখে-নাকে তেজ ববলৈ ধৰে। সি মাটিত পৰি মূৰ্চ্ছা যায়। মায়াব’ৰ অৱস্থা দেখি জুনাফাই থাকিব নোৱাৰি চিঞৰিবলৈ ধৰে।

জুনাফা। কোন আছ? কোন আছ? ৰাখহি। ৰাখহি। গাঁৱৰ ডেকা বুঢ়া, কোন আছ চাহি।

[চাৰিওফালে বলিয়াৰ দৰে লৰি-ঢাপৰি চিঞৰিবলৈ ধৰিলে। ]

  আহ অ’! কোন আছ ....

[জুনাফাৰ চিঞৰোতে চিঞৰোতে মাত ক্ষীণ হৈ পৰে। ৰেণথিয়াঙে মায়াব’ক এৰি জুনাফাৰ ওচৰলৈ আহে। ]

ৰেণথিয়াং। ( মণিমুগ্ধক ) প্ৰভু! এই বুঢ়াই সকলোৰে গুৰি। আপোনাক ই অপমান কৰে— ই— ই—( চাবুক দাঙি ) ইয়াক— ইয়াকহে ভালকৈ এসেকা দিব লাগে।

[জুনাফাক কোবাবলৈ ধৰে। ]