পৃষ্ঠা:ৰূপালীম.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অঙ্ক]
১৫
ৰূপালীম্‌

জুনাফা। এই পাষণ্ড কেইটা আকৌ কাজিয়া কৰিবৰ মনেৰে আহিছে।

  মায়াব’ আগন্তুক বিপদৰ কাৰণে সষ্টম হৈ থাকে। জুনাফাক কিছু সশঙ্কিত যেন দেখা যায়। ৰেণথিয়াং দম্ভেৰে তালৈ হাতত কাঁৰ এপাত লৈ সোমাই আহে। আহি মায়াব’ আৰু জুনাফাৰ আগতে সগৰ্ব্বে থিয় হৈ হাতৰ কাঁৰপাতেৰে মায়াব’ক দেখুৱাই সি অহা ফালে ভিতৰলৈ চাই কয়।

ৰেণথিয়াং। প্ৰভু! এই দুৰাচাৰ কাপুৰুষেই মোৰ চিকাৰৰ মূৰ কাটি ইয়াত তাৰ মইমতালি দেখুৱাইছেহি। আৰু তাকে মই দাবী কৰিলত সি মোক অপমান কৰি আপোনাৰো অপমান কৰিছে।

  মায়াব’ ৰেণথিয়াঙৰ ফালে জোখৰ খোজেৰে আগবাঢ়ি আহি তাৰ ওচৰ নৌ পাওঁতেই মণিমুগ্ধ আহি তালৈ কুকুৰলৈ চোৱাৰ দৰে চাই কয়।

মণিমুগ্ধ। মূৰ্খ! নিলাজ! খন্তেকতে বাঘৰ মূৰ উলিয়াই ওভোতাই দে, চোৰ!

মায়াব’। আপুনি মোক বৰ বিমোৰত পেলাইছে। বোধকৰোঁ আপুনি নাই দেখা দেখিহে এনে কথা কৈছে। দৰাচলতে এই বাঘ মোৰ শৰত পৰিছে। আপোনাৰ ভ্ৰম।

ৰেণথিয়াং। ভ্ৰম?

মায়াব’। অৱশ্যে।

মণিমুগ্ধ। ৰূকমী ডেকা! মোৰ মানুহে মিছা কথা নকয়।

[খঙেৰে আগবাঢ়ি যায়। হঠাৎ জুনাফা সোমাই আহে।]

জুনাফা। কোন তোমালোক? মোৰ চোতালত তোমালোকক এনে আচৰণ কৰিবলৈ কোনে অধিকাৰ দিছে।

মণিমুগ্ধ। মোৰ শক্তিয়ে দিছে৷

জুনাফা। তোমালোকক সম্ভ্ৰন্ত লোক যেন দেখিছোঁ। পিছে ই