পৃষ্ঠা:ৰূপালীম.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪
[দ্বিতীয় অঙ্ক
ৰূপালীম্‌

মায়াব’। ( বুঢ়াৰ মুখলৈ অলপ পৰ চাই ) জুনাফা! ক’তা? তুমি দেখোন মুকলি মনেৰে কব পৰা নাই।

জুনাফা। মায়াব’! তই যে পুহিব পাৰিবি সেই বিষয়ে মোৰ অলপো সন্দেহ নাই। পিছে— মই কেনেকৈ থাকিম মায়াব’? মই আজি এই পোন্ধৰ বছৰ তাইক বুকুত বান্ধি লৈ ফুৰাইছোঁ। মোৰ এজনী জী। তাই মৰিবৰ সময়ত তাইৰো একেজনী জীয়েক ৰূপালীমক মোক গতাই দি গৈছে। তাইক মই মোৰ জীৱটোৰ দৰে ৰাখি আছোঁ।

  এনেতে ৰূপালীমে বাটি এটাত পানী আনি মায়াব’ক দিয়ে আৰু মায়াব’ই লৈ খাবলৈ ধৰে। ৰূপালীমে পৰি থকা বাঘৰ মূৰটোৰ ওচৰলৈ গৈ তালৈ এবাৰ আচৰিত হৈ আৰু এবাৰ বেজাৰকৈ চাই হাতেৰে চুব খোজে। হাত কোচাই আনে।

ৰূপালীম্‌। বাঘৰ মূৰটো তুমি কেলৈ কাটিলা মায়াব’?

মায়াব’। ( অলপ হাঁহি ) তোমাক বিয়া কৰাবলৈ।

(ৰূপালীমে লাজ কৰি জুনাফাৰ ফালে কেৰাহিকৈ চায়। )

জুনাফা। ( গহীনকৈ তাইলৈ মৰম বেজাৰেৰে চাই মূৰ জোকাৰি ) ওঁ ।

 [ৰূপালীমে অলপ লাজ কৰি আনফালে মূৰ কৰে। জুনাফাই তাইৰ মুখৰ ফালে ৰৈ চাই থাকে। এনেতে দূৰৈত চিকাৰ কুকুৰৰ ভুক্‌ভুকনি শুনা যায় আৰু আটাইবোৰ আচৰিত হয়। মায়াব’ই সেইফালে ডিঙি মেলি মেলি চাই কিছু উদ্বিগ্ন হয় আৰু ৰূপালীমক হাতত ধৰে।]

মায়ব’। ৰূপালীম্‌ ! তুমি ঘৰৰ ভিতৰলৈ যোৱাচোন। এইবোৰ কোনোবা শত্ৰু আহিছে। তুমি নোলাবা।

[তাইক ঘৰৰ ফালে হেঁচোকা মাৰি দিয়ে আৰু তায়ো কোনো প্ৰতিবাদ নকৰি সোমাই যায়। ]