পৃষ্ঠা:ৰূপালীম.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় অঙ্ক]
১৩
ৰূপালীম্‌

মায়াব’। ( সেহাই সেহাই ) আজি তিনিদিন এই বাঘটোৰ পাছে পাছে ফুৰিছোঁ। আজি কিন্তু সি মোৰ শৰৰ পৰা সাৰিব নোৱাৰিলে। ঘাইল হৈ বাঘটোৱে হাবি-বন মহটিয়াবলৈ ধৰিলে। আৰু এডাল কৰবাৰ কাঁৰ সোঁ-সোঁকৈ আহিল। বাঘৰ গাৰপৰা দূৰেদি গৈ গছ এজোপাত বিন্ধ খাই ৰ’লগৈ। মই ছল চাই গৈ বাঘৰ মূৰত ঘাপ শোধালোঁগৈ। মূৰটো হাতত লৈয়ে দেখিলোঁ এই মানুহটোৱে হাতত ধনু-কাঁৰেৰে অলপ দূৰতে ৰৈ আছে। মূৰ হাতত লৈ গুচি আহিলোঁ। তাৰ পিছত এই ঘটনা।

[এনেতে ৰূপালীম্‌ লৰ মাৰি মায়াব’ৰ ওচৰলৈ আহে।]

ৰূপালীম্‌। মায়াব’! মায়াব’! তুমি বাঘটোৰ মূৰটো কেলৈ কাটিলা?

মায়াব’। এনেয়ে।

ৰূপালীম্‌। পিছে, তাৰ পোৱালিবোৰক কোনে খুৱাব? সিহঁত মৰি যাব নহয়?

মায়াব’। যোৱাচোন ৰূপালীম্‌, পানী অলপমান আনাগৈ। মোৰ বৰ পিয়াহ লাগিছে।

ৰূপালীম্‌। বাৰু মায়াব’। পিছে বাঘৰ পোৱালিকিটাও তুমি আনিবা দেই। মই সিহঁতক খাবলৈ দিম, নহ’লে সিহঁতে অকলে অকলে হাবিত কান্দি কান্দি ঘূৰি ফুৰিব। আনিবা দেই।

[ভিতৰলৈ পানী আনিবলৈ যায়। ]

জুনাফা। মায়াব’! সঁচাকৈয়ে তই চিকাৰ কৰিব পাৰ! ৰূপালীমক তই পোহপাল দিব পাৰিবি।

মায়াব’। তেন্তে তুমি মোৰ লগত ৰূপালীমক বিয়া দিবা?

জুনাফা। ওঁ। ( এই বুলি জুনাফাই মনতে অলপ চিন্তা কৰে। )