মায়াব’ হাতত ধনু-কাঁৰ লৈ তালৈ উধাতু খাই সোমাই আহে। সোঁহাতত তাৰ মিত্, তেজেৰে ৰাঙলী। সোমাই আহি জুনাফা আৰু ৰূপালীমৰ ফালে চাই নমত-নোবোলাকৈ থাকে।
জুনাফাই মায়াব’লৈ চাই ভৰিৰপৰা মূৰলৈকে পৰ্য্যবেক্ষণ কৰি হাতেৰে বাঘৰ মূৰটো কাণত ধৰি দাঙে আৰু তাক ভালকৈ চায়। এবাৰ বাঘৰ ফালে এবাৰ মায়াব’লৈ চাই সন্তোষেৰে মূৰ জোকাৰে।
ৰেণথিয়াঙে লৰালৰিকৈ তালৈ সোমাই আহি থাপ মাৰি জুনাফাৰ হাতৰপৰা বাঘৰ মূৰটো আনি মায়াব’ক কয়। ৰূপালীম্ ভয় খাই কেখোজমান পাছলৈ গৈ ঘৰৰ দুৱাৰ মুখত ৰয়গৈ।
ৰেণথিয়াং। ( মায়াব’ক ) কাপুৰুষ! লোকৰ চিকাৰ আনি বীৰ বোলাইছ?
মায়াব’। তাৰ মানে?
ৰেণথিয়াং। তাৰ মানে আৰুনো কি? লোকৰ শৰত পৰা বাঘৰ মূৰটো নিজৰ বুলিবলৈ অলপো সঙ্কোচ লগা নাইনে?
মায়াব’। তুমি মিছা কৈছা।
ৰেণথিয়াং। সাৱধানে কথা কবি। মই কোন নেজান হবলা?
মায়াব’। :- তুমি যিয়েই হোৱা নেলাগে, মূৰটো কেতিয়াও তোমাৰ হ’ব নোৱাৰে।
[ মায়াব’ই তাৰ হাতৰপৰা মূৰটো কাঢ়ি আনে। ৰেণথিয়াঙেও তাৰপৰা কাঢ়ি আনিবলৈ যায়। ইয়াৰপৰাই দুয়োৰে মাজত মৰামৰি লাগে। ৰেণথিয়াং আহত হৈ মাটিত পৰি যায়। সেহাই সেহাই উঠি মায়াব’ৰ ফালে খাওঁ খাওঁ মূৰ্তিৰে চাই তাৰপৰা ওলাই যায়। ]
জুনাফা। ( আচৰিত হৈ মায়াব’ৰ ওচৰলৈ আহি ) মায়াব’! এইবোৰৰ মানে কি?