গাঁৱত জুনাফাৰ চাংঘৰৰ আগচোতাল। সোঁফালে চোতাললৈ মুখকৈ আৰু পাছৰ সোঁফালে চোতাললৈ মুখকৈ দুটা চাংঘৰ। বাওঁফালে মুকলি আকাশ আৰু অলপ দূৰৈত পৰ্ব্বতবোৰ। আবেলি তিনি চাৰিজনীমান ৰূকমী ছোৱালী। কোনোজনীয়ে উৰালত ধান খুন্দিছে। কোনোজনীয়ে কুলাত জাৰিছে আৰু কোনোজনীয়ে চালিছে আৰু মুখেৰে গীত গাব লাগিছে। ৰূপালীমে এঠাইত বহি কঁকালত লোৱা তাঁত বৈছে আৰু মাজে মাজে আন ছোৱালীবোৰৰ সৈতে কথা পাতি হাঁহি-ধেমালিকৈ আছে।
ৰূকমী ছোৱালী:- জিলিকা পাখিৰে
অ’ সোণ ম’ৰা চৰাই!
ৰঙা সেউজীয়া তৰাফুটুকীয়া
তোৰ গোট গাৱতে
অ’ সোণ ম’ৰা চৰাই!
জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি
তোৰ মৰমতে মৰো
অ’ সোণ ম’ৰা চৰাই!
গীত চলি থকাৰ মাজতে জুনাফাই পিঠিত খৰি এবোজা লৈ তালৈ সোমাই আহি খৰিবোজা মাজতে থয়। ছোৱালীবোৰলৈ চাই সন্তোষেৰে হাঁহি চাংঘৰৰ ভিতৰলৈ সোমাই যায়। এনেতে ছোৱালীবোৰৰ মাজতে বাঘৰ মূৰ এটা ধুম্কৈ পৰে। ছোৱালীবোৰে ভয় খাই চিঞৰি তাৰপৰা ফাঁহি চিটিকা দিয়ে। মাথোন ৰূপালীমে বহাৰপৰা উঠি বিস্ময়েৰে বাঘটোৰ মূৰটোলৈ চাই “আপু” “আপু”কৈ চিঞৰে। তাতে জুনাফা চাংঘৰৰপৰা ওলাই আহে।