পৃষ্ঠা:ৰূপালীম.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[প্ৰথম অঙ্ক
ৰূপালীম্‌

মায়াব’। মই আনিহে দিব লাগে।

ৰূপালীম্‌ । তেন্তে মায়াব’, আনিবাচোন দেই। মই তাক খুব মৰম কৰিম। তাক মই সদায় লগত লৈ ফুৰাম। মোৰ লগতে খুৱাম। মোৰ লগতে শুৱাম। তাক মই কেতিয়াও লগৰপৰা এৰি নিদিওঁ।

মায়াব’। ৰূপালীম্‌। ল’ৰাটো আনিলে তুমি আৰু মোক ক’ত বিচাৰিবা? ক’ত মৰম কৰিবা? তুমি ল’ৰাটোৰ সৈতে উমলি থাকিবা।

ৰূপালীম্‌। কেলৈ? ল’ৰাটো মই বুকুত সুমাই থ’ম আৰু তাক মৰম কৰি কৰি তোমাৰে সৈতে কথা পাতি থাকিম।

মায়াব’। ৰূপালীম্‌... ( গভীৰ প্ৰণয়ৰ ভাবেৰে চাই থাকে। )

ৰূপালীম্‌ ( বৰ মৰমেৰে মায়াব’লৈ চায় ) মায়াব’ ! এতিয়া ৰাতি হ’ল। জোন বহুতো উঠিলে। মই আৰু যাওঁগৈ দেই ! নহলে বুঢ়া আপুৱে বিচাৰি আহিব। মোক তোমাৰ সৈতে ইয়াত দেখিলে বৰ খং কৰিব।

মায়াব’। ( অলপ আচৰিত হৈ ) কিয় ?

ৰূপালীম্‌। বুঢ়া বোপায়ে মোক তোমাৰ ওচৰলৈ আহিবলৈ হাক দিছিল।

মায়াব’। কিয়?

ৰূপালীম্‌। বোপায়ে কৈছিল বোলে সি পেঁপা বজাই থকা ল’ৰাই কি ছোৱালী পোহপাল দিব?

মায়াব’। ( অভিমান কৰি ঘপহকৈ উঠি ) অ’ বাৰু তেন্তে... যোৱা। মই আৰু ইয়ালৈ নাহোঁ। মই ক’ৰবালৈ গুচি যাম।

ৰূপালীম্‌। ( বেজাৰকৈ ) কেলৈ গুচি যাবা ? তুমি গুচি গ’লে মই কাৰে সতে থাকিম ?

 ( হঠাৎ জুনাফা হাবিৰ মাজৰপৰা ওলাই আহে। )