পৃষ্ঠা:ৰূপালীম.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰথম অঙ্ক]
ৰূপালীম্‌

জুনাফা। মোৰ লগত থাকিবি।

[ জুনাফাক দেখি মায়াব’ আচৰিত হয় কিন্তু ৰূপালীম্‌ জাপ মাৰি জুনাফাৰ ওচৰলৈ যায়। ]

ৰূপালীম্‌। তুমি ইয়ালৈ কিয় আহিলা?

জুনাফা। তোক বিচাৰি। মই তোক ইয়ালৈ আহিবলৈ হাক দিছিলোঁ নহয়?

ৰূপালীম্‌। আপু ! মায়াব’ই বৰ বেজাৰ পাইছে। তুমি মোক তাৰ ওচৰলৈ আহিবলৈ নিদিয়া দেখি।

জুনাফা। এৰা, নিদিওঁ। ( মায়াব’ক ) মায়াব’! ৰূপালীমক বিয়া কৰাবলৈ এনেয়ে নাপাৱ। নিজে এটা বাঘ মাৰি তাৰ মূৰটো মোৰ আগত দিবি, তেতিয়াহে তাইক তোলৈ দিম।

মায়াব’। ( এবাৰ ৰূপালীমলৈ চাই, এবাৰ হুনাফালৈ চাই ) তেন্তে সেয়ে হব জুনাফা ! মই আহিলোঁ।

ৰূপালীম্‌। ময়ো যাম। মায়াব’ৰ সতে ময়ো যাম। বাঘ চিকাৰ কৰিম।

জুনাফা। ( কঠোৰভাৱে ) ওহোঁ, নোৱাৰ।

 [ ৰূপালীমক হাতত ধৰি লৈ আহে। ৰূপলীমে বিয়াকুল হৈ মায়াব’লৈ চাই থাকে।জুনাফাই থিৰ চকুৰে মায়াব’লৈ চায়। মায়াব’ই জুনাফালৈ টানকৈ চায়। তাৰ তূণৰপৰা এডাল কাঁৰ উলিয়ায়। ]

মায়াব’। জুনাফা! এই কাঁৰে তুমি বিচৰা বাঘৰ মূৰ নিবিন্ধে মানে আৰু কাঁৰ চুঙাত নোসোমায়হি।

 [ মায়াব’ গহীন আৰু দৃঢ়প্ৰতিজ্ঞ হৈ তাৰপৰা এখোজ দুখোজকৈ ওলাই যাব ধৰে। ৰূপালীমে কন্দনামুৱা হৈ এবাৰ জুনাফাৰ মুখলৈ, এবাৰ মায়াব’ৰ পিনে চাই যাওঁ নাযাওঁকৈ থাকে। মায়াব’ৰ পিনে চাই যাবও