পৃষ্ঠা:ৰূপালীম.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰথম অঙ্ক]
ৰূপালীম্‌

ৰূপালীম্‌ ৷ মায়াব’ ! আজি মই ঘৰলৈ সোনকালে যাম দেই।

মায়াব’৷ কিয় ?

ৰূপালীম্‌ ৷ আমাৰ বাই আহিছে আজি। বাইৰ লগত এটা অকণমান ল’ৰা আনিছে। সি বৰ অকণমান, সি কথা ক’বকে নোৱাৰে৷ সি মই কোলাত ল’লে কান্দে। সি কান্দিলে মই তাৰ মুখত আঙুলিটো সুমাই দিওঁ। হিঃ হিঃ -মায়াব’! তাক মোৰ বৰ লবৰ মন গৈছে। মই এইবাৰ আহোঁতে তাক হোৰাত ভৰাই লৈ আহিম দেই!

মায়াব’৷ উহুঁ, লোকৰ ল’ৰা কি লৈ থাকিবা ? নিজৰ এটা হ’লহে সদায় লৈ থাকিব পাৰিবা।

ৰূপালীম্‌ ৷ নিজৰনো ক’ত পাবা আকৌ?

মায়াব’৷ (দুষ্টালিৰে) ক’ত পাবা? মোক বিয়া কৰিলেই পাবা।

ৰূপালীম্‌ ৷ (খং ভাও জুৰি মায়াব’ক ভুকু মাৰি) নকৰাওঁ।

মায়াব’৷ কৰাবা, কৰাবা- মোক বিয়া কৰালে যিহে এটা নোদোকা শকত ল’ৰা পাবা! নোদোকা নোদোকা তাৰ হাত-ভৰি, জিলিকা জিলিকা তাৰ চকু, তেতিয়া কিমান লবৰ মন যায় লৈ থাকিবা। (হাঁহে)

ৰূপালীম্‌ ৷ (খং দেখুৱাই) মায়াব’! তুমি মোক তেনেকৈ জোকাই থাকিলে মই হ’লে এতিয়াই গুচি যাম।

মায়াব’৷ (হাঁহি) বাৰু , বাৰু, নেলাগে যাব। বাৰু, মোক বিয়া কৰাব নেলাগে। মই এনেয়ে এটা ল’ৰা আনি দিম।তুমি ধেমালি কৰি থাকিবা।

ৰূপালীম্‌ ৷ ক’ত পাবা?

মায়াব’৷ আমাৰ গাঁৱত এটা আছে। যিহে সুন্দৰ, তুমি দেখিলে তাক এখন্তেলৈকো এৰি নিদিবা।

ৰূপালীম্‌ ৷ (উৎসুক হৈ) সঁচানে? সঁচানে? পিছে তাৰ মাক-বাপেকে কেলৈ এৰি দিব?