পৃষ্ঠা:ৰূপালীম.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[প্ৰথম অঙ্ক
ৰূপালীম্‌

মায়াব’৷ (লাহে লাহে অমনোযোগী হৈ) ৰূপালীম্‌!

ৰূপালীম্‌ ৷ কি হ’ল মায়াব’?

মায়াব’৷ আমিতো আৰু ইয়াত সৰহ পৰ বহি থাকিব নোৱাৰিম।

ৰূপালীম্‌ ৷ নোৱাৰিলে কি হ’ব ?

মায়াব’৷ মোৰ তেতিয়া তোমাক পঠিয়াই দিবলৈ বেয়া লাগিব নহয়?

ৰূপালীম্‌ ৷ ন’গলে মোক মোৰ বুঢ়া বোপায়ে খং কৰিব নহয়— মোৰ বুঢ়া বোপাইক কোনে খুৱাব? কোনে ৰান্ধি-বাঢ়ি দিব?

মায়াব’৷ (অলপ পৰ গুণি-গাঁথি থাকি) তেন্তে ৰূপালীম্‌। তুমি আৰু মোৰ নোহোৱা নেকি?

ৰূপালীম্‌ ৷ কেলৈ, সদায় দেখোন মই তোমাৰ হৈয়ে আছোঁ— আৰুনো কেনেকৈ হ’ব লাগে?

মায়াব’৷ তুমি মোক বিয়া কৰাই মোৰ ঘৰত পুৱতিৰ পৰা গধূলিলৈ, গধূলিৰ পৰা পুৱালৈ থাকিব লাগিব।

ৰূপালীম্‌ ৷ সেইদৰে থাকিলে মোৰ বুঢ়া বোপায়ে কেনেকৈ খাব? কেনেকৈ জীৱ? মায়াব’! তুমি জানো মোক সদায় দেখি দেখি আমনি নেপাবা?

[ৰূপালীমে কেৰাহিকৈ চাই মায়াব’ৰ ভাব লক্ষ্য কৰে।]

মায়াব’৷ কেলৈ আমনি পাম? তোমাক দেখোঁতে দেখোঁতে সদায় নতুন নতুন দেখিহে থাকিম।

ৰূপালীম্‌ ৷ তুমি মোক সদায় বোপাইৰ ঘৰত চাই আহিবা। ময়ো তোমাক চাই থাকিবলৈ পাম।

মায়াব’৷ এইদৰে কিমান দিন থাকিবা।

ৰূপালীম্‌ ৷ সদায় থাকিম। সদায় তুমি মোক চাই থাকিবা। ময়ো তোমাক চাই থাকিম।

 [ৰূপালীমে মায়াব’ৰ মুখলৈ চাই থাকে। মায়াব’ই দূৰণিৰ পৰ্ব্বতলৈ চায়। ৰূপালীমে মায়াব’ৰ কথাত তেওঁৰ আন্তৰিকতা উপলব্ধি কৰি মায়াব’ক আৰু উদ্বিগ্ন কৰিবলৈ বুলি কয়।]