পৃষ্ঠা:ৰূপালীম.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰথম অঙ্ক]
ৰূপালীম্‌

মায়াব’। তোমাৰ খং ক’ত উঠে ?

ৰূপালীম্‌ । ( উত্তৰ দিব নোৱাৰি ৰৈ থাকি ) জানো ক’ত উঠে? ভৰিতো উঠে, মূৰতো উঠে।

মায়াব’। বুকুত উঠে নে নুঠে ?

ৰূপালীম্‌ । নুঠে।

মায়াব’। কিয় ?

ৰূপালীম্‌ । বুকুত মৰমহে থাকে। তালৈ খং গ’লে মৰমবোৰ পমি যাব নহয়।

মায়াব’। তেন্তে মোলৈ মৰম লগা মনটো মূৰত থাকে নহয়নে ? সেইটো খঙত পুৰি গ’ল।

ৰূপালীম্‌। ইহ্‌ —নাই যোৱা আকৌ। মই ভৰিৰেহে খং কৰি পেঁপাটোৰ পেটু উলিয়ালোঁ। হিঃ হিঃ হিঃ।

 মায়াব’ই ভগা পেঁপাটো নিজৰ হাতলৈ আনি বেজাৰ মনেৰে চাই থাকে। ৰূপালীমে মায়াব’ক ভাল লগাবলৈ চাই মূৰে গায়ে হাত ফুৰায়।

ৰূপালীম্‌। বাৰু মায়াব’! মই তোমাক এটা পেঁপা সাজি দিম দেই!

মায়াব’। বাৰু দিবা!

ৰূপালীম্‌ । বাৰু মায়াব’! জোনটোৱে ইমানবোৰ পোহৰ দি থাকে, তাৰ পোহৰবোৰ বাৰু ঢুকাই নেযায় কিয়?

মায়াব’। সি পৃথিৱীখন খুব ভাল পায় সেই গুণে। সেই পোহৰবোৰ জোনৰ মৰম। পৃথিৱীখনলৈ জোনৰ ইমান মৰম আছে— সি কেতিয়াও নুঢুকায়। বাৰু ৰূপালীম্‌! তোমাৰো মোলৈ তিমান মৰম আছে নে?

ৰূপালীম্‌। আছে মায়াব’। আছে। তোমালৈ মোৰ খুব মৰম আছে মায়াব’!

[মায়াব’ কিছুপৰ নিস্তব্ধ হৈ থাকে। ]