পৃষ্ঠা:ৰূপালীম.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[প্ৰথম অঙ্ক
ৰূপালীম্‌

মায়াব’। পেঁপাটোনো কি, তাতোকৈ তোমাক কতগুণে মৰম কৰোঁ!

ৰূপালীম্‌ । তেন্তে পেঁপাটো দিয়াচোন।

 পেঁপাটো মায়াব’ৰ হাতৰপৰা নি শিলৰ ওপৰত থৈ ভৰিৰে গছকি ভাঙি দিয়ে। মায়াব’ই থাপ মাৰি ৰূপালীম্‌ৰ ভৰিটো আঁতৰাই ভগা পেঁপাটো হাতৰ তলুৱাত আলফুলকৈ তুলি ব্যাধৰ শৰত মৰা ৰঙা ধুনীয়া চৰাইটোৰ দৰে লৈ তালৈ বৰ বেজাৰেৰে চায়। ৰূপালীমে খিলখিল্‌কৈ হাঁহি দিয়ে।

ৰূপালীম্‌ । এতিয়া কেনে ?

মায়াব’ । তুমি বৰ অকৰুণ ৰূপালীম্‌। তুমি নিৰ্দ্দয়া—

ৰূপালীম্‌ । পেঁপাবলিয়া— বাঁহৰ পেঁপাটো ভাঙিলত বোলে আকৌ মই অকৰুণ হলোঁ। ভাল হ’ল, এতিয়া সেই সময়ত মোলৈ মনত পৰি থাকিবহে তেও!

মায়াব’ । এতিয়া তুমি নহা সময়ত কোনে তোমাৰ মাত মাতিব ? কোনে তোমাৰ মিঠা মিঠা গীত মোক শুনাব ?

ৰূপালীম্‌ । (আচৰিত হৈ মায়াব’ৰ কথাবোৰৰ ভালকৈ মৰ্ম্ম বুজিব নোৱাৰি) কিয় ? কেনেকৈ বাৰু সি মোৰ মাত মাতিছিলে ?

মায়াব’। মোৰ হিয়াৰ মাজত সোমাই থকা ৰূপালীমৰ মাতটিয়ে এই পেঁপাৰ বিন্ধাই বিন্ধাই ওলাই আহি তোমাৰেই দৰে এই পেঁপাটিয়ে তোমাৰ গীতকে মোক গাই শুনাইছিলে। ৰূপালীম্‌ ! তুমি কিয় ইমান নিমৰমিয়াল বাৰু ? তুমি অকলৈ এৰি থৈ গ’লে তুমিয়ে হৈ পেঁপাটিয়ে মোক কতনো ইননি-বিননিৰে বিয়াকুল কৰি থৈছিলে।

ৰূপালীম্‌। তেন্তে তুমি মোক নকলা কিয় মায়াব’ ? নকলা কিয় ?

 (পেঁপাটো নিজৰ হাতলৈ আনি তাক চুমা খাই হুক্‌-হুক্‌কৈ কান্দি )

 তেন্তে মোক নকলা কিয় ? নকলা কিয় ?

মায়াব’। তুমিনো বাৰু ভাঙিলা কিয় ?

ৰূপালীম্‌। মোৰ খং উঠিলে আকৌ!